এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
হিৰণ্য গগৈ বৰুৱাৰ কবিতা জীৱন সংগ্ৰাম গ্ৰীষ্মৰ প্ৰখৰ ৰ'দত কৃষকৰ হাড়ভগা পৰিশ্ৰম : আৰু বোকা পানীৰ সতে কৰা নৃত্য নাটিকাৰ সংমিশ্ৰণত ৰ'দ আৰু বৰষুণৰ মাজতো যেন - উপভোগৰ সপোন ৰচিছে এমুঠি দুমুঠি আৰু – বহুমুঠি তৃপ্তিভৰা অনুৰ ! সেয়েহে নাঙলৰ প্রতি সীলুৱে সীলুৱে কোৰৰ প্ৰতি চাবে চাবে টোপাটোপে - ঘায়হৈ পৰিছে তেজৰ প্ৰতিটো টোপাল । তথাপি - চড়া মেটেকাফুলিয়া Sete প্ৰতিখন মুখৰ প্ৰতিছবি প্রস্ফুতিত মাথো জীৱন সংগ্ৰামৰ । স্বপ্নশিখা / ১৪