সমললৈ যাওক

পৃষ্ঠা:Swapnasikha.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হিৰণ্য গগৈ বৰুৱাৰ কবিতা তৰঙ্গত উঠে নামে হৃদয়ৰ ৰঙীণ সপোন গোলাপৰ পাহিৰে গঢ়দিয়া কবিতাৰ ঠাচ । ভাষাৰ পালতৰা খনি ভাবৰ জৰীৰে বান্ধি সাগৰৰ জোৱাৰ ভাটা হৃদয়ৰ অনুকমপাত জগাই তোলে উত্তল প্ৰেৰণা — উপকুলত থিয় হৈ অন্তঃ সপোনেৰে শব্দৰ চেকুৰা বুটলি কোচ ভৰাই গোটাই থবলৈ আকুল পৰাণে কান্দে উচুপি উচুপি হৃদয়ৰ মৰুভূমি এটুপি পানীৰে জীপাল কৰিবলৈ। ১০ | স্বপ্নশিখা