পৃষ্ঠা:Swagatam Pariksha.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘স্বাগতম পৰীক্ষা’ৰ লেখক ড° জয়ন্ত কুমাৰ শৰ্মা সম্প্ৰতি তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ ৰীডাৰ। এসময়ৰ কৃতী ছাত্ৰ ড° শৰ্মাই উচ্চমাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থান লাভ কৰাৰ উপৰিও স্নাতকোত্তৰ পৰীক্ষাত স্বৰ্ণপদক লাভ কৰিছিল। অসমৰ প্ৰথিতযশা বিজ্ঞানী ড° দিলীপ কুমাৰ চৌধুৰীৰ অধীনত ‘হেড্ৰন কণিকাৰ গঠন’ সম্পৰ্কে তাত্ত্বিক গৱেষণা কৰি ডক্টৰেট উপাধি লাভ কৰা ড° শৰ্মাই সম্প্ৰতি তেজপুৰ বিশ্ববিদ্যালয়তো একে বিষয়তে গবেষণা চলাই আছে। ড° শৰ্মা বৰ্তমান অসম বিজ্ঞান সমিতিৰ আলোচনী ‘বিজ্ঞান জেউতি’ আৰু জিজ্ঞাস প্ৰকাশনৰ আলোচনী ‘জিলিঙনি’ৰ সম্পাদক।

  •  পৰীক্ষাৰ বাবে বিশেষকৈ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বাবে ব্যৱসায়িক ভিত্তিত প্ৰকাশ কৰা বিভিন্ন নোট, সহায়িকা, ছাজেশ্বন আদিৰ ভীৰৰ মাজত ‘স্বাগতম পৰীক্ষা’ নিঃসন্দেহে এক উজ্বল ব্যতিক্ৰম। কেৱল পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ ক্ষেত্ৰতে নহয়, ‘জীৱনৰ বাবে প্ৰস্তুতি'ৰ ক্ষেত্ৰতো ‘স্বাগতম পৰীক্ষা'ই ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিব বুলি মই নিশ্চিত।

—মৃদুল কুমাৰ সাহা
তিনিচুকীয়া

  •  ‘স্বাগতম পৰীক্ষা’ কিতাপখন নিঃসন্দেহে পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এখন অতি সহায়ক পুথি। পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ আগে আগে কেনে ধৰণে নিজকে প্ৰস্তুত কৰিব, তাৰ সুন্দৰ বৰ্ণনা কিতাপখনত আছে। স্বাগতম পৰীক্ষা পৰীক্ষা প্ৰস্তুতিৰ এখন ব্যৱহাৰিক কিতাপ। কিতাপখনৰ লেখকৰ লগতে প্ৰকাশন গোষ্ঠীলৈ এনেকুৱা এখন কিতাপ প্ৰকাশ কৰাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

—পৰমেশ্বৰ ৰয়
ধুবুৰী

  •  ‘স্বাগতম পৰীক্ষা’ পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰু পৰীক্ষাত লিখাৰ পদ্ধতি সম্পৰ্কীয় এখন হাত পুথি। আনুষ্ঠানিক শিক্ষাৰ অবিচ্ছেদ্য অংগ পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰু প্ৰণালীবদ্ধ অধ্যয়ন সম্পৰ্কত কেইটিমান সৰু সৰু ৰচনাৰে যুগুতাই উলিওৱা এখন সৰু পুথি। ইয়াত অধ্যয়নৰ আৰম্ভণিৰপৰা পৰীক্ষাৰ মুহূৰ্তলৈ ল'ব লগা প্ৰস্তুতিৰ সম্পৰ্কত আলোচিত হৈছে। পাঠ আয়ত্তকৰণৰপৰা পৰীক্ষাৰ প্ৰায়োগিক দিশলৈকে সামৰি লোৱা বিষয়বোৰে ছাত্ৰ-ছাত্ৰীক বাৰুকৈয়ে উপকৃত কৰিব পাৰিছে বুলি ধাৰণা হয়। অসমৰ শৈক্ষিক ক্ষেত্ৰৰ অন্যতম প্ৰকাশন ‘জিজ্ঞাস প্ৰকাশনে’প্ৰকাশ কৰি উলিওৱা ড° জয়ন্ত কুমাৰ শৰ্মাৰ স্বাগতম পৰীক্ষা নিঃসন্দেহে ছাত্ৰ-ছাত্ৰীৰ বাবে নিতান্তই প্ৰাসঙ্গিক পুথি।

—মনমৰমী বৰুৱা
যোৰহাট