পৃষ্ঠা:Swagatam Pariksha.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা


প্ৰস্তুত, অধ্যয়নৰ পদ্ধতি আদি আলোচনাৰ যোগেদি অৱশেষত পৰীক্ষা লিখাৰ ক্ষেত্ৰত সৰ্বাধিক সুবিধা গ্ৰহণ কৰা প্ৰণালীৰ ওপৰত বিস্তৃত আলোচনা কৰিলো। গোটেইলানি প্ৰবন্ধত নিজস্ব প্ৰচেষ্টাৰ ওপৰতে যদিও প্ৰধানকৈ গুৰুত্ব আৰোপ কৰা হৈছিল, তথাপি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী অথবা অভিভাৱকসকলৰ ভূমিকা মুঠেই অপ্ৰাসংগিক বা কম গুৰুত্বপূৰ্ণ নহয়। বৰঞ্চ বিদ্যালয়ৰ শিক্ষা, শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰচেষ্টা তথা অভিভাৱকসকলৰ দায়বদ্ধতাৰ লগতে নিজস্ব অধ্যৱসায়ৰ পৰিপূৰক হিচাপেহে ‘স্বাগতম পৰীক্ষা’ প্ৰবন্ধলানি ব্যৱহাৰ কৰিলে ছাত্ৰ-ছাত্ৰী, পৰীক্ষাৰ্থীসকল পৰীক্ষাত আশাতীতভাৱে সফল হ’ব বুলি আমি নিশ্চিত।

সমাপ্ত