পৃষ্ঠা:Swagatam Pariksha.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা


হয়। অৰ্থাৎ সময়ৰ নাটনিও নহয় বা অযথা সময় ৰাহি হৈও নাথাকে। প্ৰশ্নোত্তৰ কৰাৰ পিছত উত্তৰবহীৰ পুনৰ নিৰীক্ষণ বা ৰিভাইছ কৰাটো পৰীক্ষাত ভাল ফলাফল আশা কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পৰ্যায়। ৰিভাইছ কৰোতে লক্ষ্য কৰিবলগীয়া বিষয়বোৰ হ’ল— উত্তৰবহীৰ প্ৰথম পৃষ্ঠাত ৰোল নম্বৰ, পঞ্জীয়ন নম্বৰ, বিষয়, প্ৰশ্নকাকতৰ নম্বৰ আদি লিখা হৈছেনে নাই, প্ৰশ্নোত্তৰৰ আৰম্ভণিতে প্ৰশ্নৰ নম্বৰ দিয়া হৈছেনে নাই, প্ৰশ্ন অনুযায়ী উত্তৰ কৰা হৈছেনে নাই, উত্তৰবহীত অতিৰিক্তভাৱে যোগ দিয়া পৃষ্ঠাবোৰৰ নিৰ্দিষ্ট ঠাইত ৰোল নম্বৰ, পঞ্জীয়ন নম্বৰ আদি লিখা হৈছেনে নাই, সেইবোৰ মূলবহীৰ লগত ভালদৰে গাঁঠি লোৱা হৈছেনে নাই, গণিতৰ আৰম্ভণি আৰু শেষ শুদ্ধ হৈছেনে, ছবিবোৰ চিহ্নিত বা লেবেলিং কৰা হৈছেনে নাই ইত্যাদি। তথাপি সময় থাকিলে দুই- এটা প্ৰশ্নোত্তৰ প্ৰথমৰ পৰা শেষলৈকে পঢ়িও চাব লাগে। মুঠতে পৰীক্ষা লিখাৰ বাবে প্ৰদত্ত আটাইখিনি সময় খৰচ নোহোৱালৈকে বাৰে বাৰে ৰিভাইছ কৰি থাকিব লাগে আৰু পৰীক্ষাৰ অন্তিম ঘণ্টাৰ পিছতহে পৰীক্ষাগৃহত বহী জমা দি লগত নিয়া কলম, প্ৰবেশ-পত্ৰ, ঘড়ী, জ্যামিতি বাকচ, লগ তালিকা, গণকযন্ত্ৰ আদি সামৰি পৰীক্ষাগৃহ ত্যাগ কৰিব লাগে।

 বেছিভাগ পৰীক্ষাৰ্থীয়ে পৰীক্ষা হৈ যোৱাৰ পিছত উত্তৰ শুদ্ধাশুদ্ধ হোৱা সম্পৰ্কে পৰস্পৰে ব্যাপকভাৱে আলোচনা চলোৱা দেখা যায়। পৰৱৰ্তী বিষয়ৰ পৰীক্ষাৰ বাবে ই বহুখিনি ক্ষতিকাৰক। বিগত পৰীক্ষাত কৰি অহা উত্তৰসমূহ ভুল হ’লে এনে আলোচনাই পৰীক্ষাৰ্থীসকলক মানসিকভাৱে আঘাতহে দিয়ে।

 তদুপৰি পৰীক্ষা শেষ হোৱাৰ পিছতেই জিৰণিৰ বাবে বেছিভাগ পৰীক্ষাৰ্থীয়েই চিনেমা, থিয়েটাৰ আদি উপভোগ কৰিবলৈ দৌৰ মাৰে। পৰীক্ষা লিখোতে চকু আৰু মগজুৰ প্ৰচুৰ ব্যৱহাৰ হয় আৰু ফলত ইয়াৰ ওপৰত যথেষ্ট জোৰ পৰে। চিনেমা, থিয়েটাৰ আদিয়ে পৰীক্ষাৰ্থীক জিৰণি দিয়াৰ সলনি বেছি ভাগৰুৱা কৰিহে তোলে। গতিকে পৰৱৰ্তী পৰীক্ষাৰ বাবে অধ্যয়নৰ কাৰণে সাজু হ’বলৈ শৰীৰ তথা মন পুনৰ সতেজ কৰি তুলিবলৈ পৰীক্ষাৰ্থীসকলে পৰীক্ষাগৃহৰ পৰা পোনে পোনে ঘৰলৈ গৈ শুবলৈহে যত্ন কৰিব লাগে। প্ৰায় এঘণ্টামানৰ গভীৰ টোপনিয়েই তেওঁলোকৰ মগজুৰ জিৰণিৰ বাবে যথেষ্ট। বিগত পৰীক্ষাৰ কথা কাৰো লগতেই আলোচনা নকৰি, পৰৱৰ্তী পৰীক্ষাৰ বাবে আঁচনি প্ৰস্তুত কৰি, অলপো সময় নষ্ট নকৰি পুনৰ অধ্যয়নত ব্যস্ত হ’ব লাগে। লগে লগে প্ৰথম দিনৰ পৰীক্ষাৰ দৰেই একে পদ্ধতি প্ৰয়োগ কৰি সেই বিষয়ৰ পৰীক্ষাৰ বাবে সাজু হ’ব লাগে আৰু আগৰ দৰেই সাহসেৰে পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে।

 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। এইলানি দীঘলীয়া প্ৰবন্ধত, কোনো এটি পাঠ্যক্ৰমৰ

পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে সাজু হোৱাৰ ক্ষেত্ৰত প্ৰাৰম্ভিক পৰিকল্পনাৰ পৰা টোকা

৫৫