পৃষ্ঠা:Swagatam Pariksha.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা


প্ৰায় ১০ শতাংশ সময় পুনৰ নিৰীক্ষণ বা ৰিভাইছ কৰাৰ বাবে ৰাখিবই লাগিব। চুটি বা অতি চুটি প্ৰশ্নবোৰৰ বাবে সময়ৰ পৰিকল্পনা কৰাৰ বিশেষ আৱশ্যকতা নাই, কাৰণ সাধাৰণতে সেইবোৰ অতি কম সময়ৰ ভিতৰতে কৰিব পাৰি। কেতিয়াবা অতি কম সময়ৰ ভিতৰতে কেইবাটাও দীঘলীয়া প্ৰশ্ন কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হ’ব পাৰে। এনে ক্ষেত্ৰত খুব ভালকৈ কমসংখ্যক প্ৰশ্নোত্তৰ কৰাতকৈ অলপ চুটি চুটিকৈ হ’লেও কৰিবলগীয়া আটাইকেইটা প্ৰশ্নোত্তৰ কৰিলে কিছু বেছি নম্বৰ পোৱাৰ সম্ভাৱনা থাকে। এনে ক্ষেত্ৰত প্ৰশ্নোত্তৰবোৰৰ ব্যাখ্যাত্মক কথাবোৰ বাদ দি কেৱল মূলকথা বা পইণ্টবোৰ লিখি ইয়াত চুটি কৰিব পাৰি। ৰসায়ন বিজ্ঞানৰ প্ৰশ্নোত্তৰৰ ক্ষেত্ৰত ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণবোৰ দিলেই হ’ল। অংকৰ ক্ষেত্ৰত চিহ্ন ব্যৱহাৰ কৰিব লাগে। বিজ্ঞানত ছবি আঁকিব লাগে। ‘কেৱল উত্তৰ দিয়া’ ধৰণৰ প্ৰশ্নত শব্দেৰেই উত্তৰ দিব পাৰিলে বাক্য লিখি উত্তৰ দীঘল কৰিব নালাগে। ‘খালী ঠাই পূৰণ কৰা’ ধৰণৰ প্ৰশ্নত কেৱল খালী ঠাইত বহুৱাবলগা শব্দবোৰ লিখিলেই হ’ল। ‘শুদ্ধ উত্তৰটো বাছি উলিওৱা’ প্ৰশ্নত শুদ্ধ উত্তৰৰ নম্বৰটো দিলেই হ’ব। অত্যন্ত আৱশ্যক হ’লেহে ৰিভাইছৰ বাবে ৰখা আছুতীয়া সময়ৰ কিছু অংশ উত্তৰ লিখাত খৰচ কৰিব লাগে। আনহাতে সময় যথেষ্ট, কিন্তু কৰিব পৰা প্ৰশ্নৰ সংখ্যা বহুখিনি কম হ’লেও— অৰ্থাৎ প্ৰশ্নকাকতৰ প্ৰশ্ন ‘কমন’ নপৰিলেও পৰীক্ষাৰ্থীসকল নাৰ্ভাছ হ’ব নালাগে। অত্যন্ত বেয়া অৱস্থাৰ পৰাও নিজস্ব ধৈৰ্য আৰু বুদ্ধিমত্তাৰে সৰ্বাধিক লাভ আহৰণ কৰাতেই পৰীক্ষাৰ্থীসকলৰ কৃতিত্ব নিৰ্ভৰ কৰে। এনে ক্ষেত্ৰত জনা প্ৰশ্নোত্তৰবোৰ বেছ ভালদৰে দীঘলীয়াকৈ লিখিব লাগে। কিবা প্ৰশ্ন সামান্যতম উত্তৰো জনা থাকিলে তাক ব্যাখ্যা কৰি লিখিব লাগে। ছবি, গ্ৰাফ আদি অপ্ৰাসংগিক নহ’লে বেছি পৰিমাণে ব্যৱহাৰ কৰিব লাগে। সম্পূৰ্ণ উত্তৰ কৰা নহ’লেও কোনো প্ৰশ্নোত্তৰ কাটি থৈ আহিব নালাগে। অসম্পূৰ্ণ উত্তৰৰ বাবেও কিছু নম্বৰ পোৱা যায়। কেতিয়াবা প্ৰশ্নতো ভুল থাকিব পাৰে বা পাঠ্যক্ৰমৰ বাহিৰৰ প্ৰশ্নও থাকিব পাৰে। এনে ক্ষেত্ৰত তেনে বিতৰ্কিত প্ৰশ্ন বাদ দিব লাগে। কিন্তু তেনে প্ৰশ্ন বাধ্যতামূলক হ’লে নিজে জনা ধৰণেৰে উত্তৰ কৰি আহিব লাগে। উত্তৰ কৰাৰ ক্ষেত্ৰত বাওঁফালৰ মাৰ্জিনত

প্ৰশ্নৰ নম্বৰ দিব লাগে। প্ৰশ্নোত্তৰ শেষ হ’লেও এটি শেষ চিন দিব লাগে। সাধাৰণতে আটাইতকৈ উজু বা ‘কমন’ পৰা প্ৰশ্নোত্তৰেৰেই উত্তৰ লিখা আৰম্ভ কৰা উচিত। কাৰণ কিছু নম্বৰৰ উত্তৰ কৰাৰ পিছত পৰীক্ষাৰ্থীসকলৰ আত্মবিশ্বাস স্বাভাৱিকভাৱেই বৃদ্ধি হয় যিয়ে পিছত কঠিন প্ৰশ্নবোৰৰ উত্তৰ কৰাত যথেষ্ট পৰিমাণে সহায় কৰে। যিমান পাৰি প্ৰশ্নত সোধা ধৰণেৰে বা টু-দি-পইন্ট উত্তৰ কৰিবলৈ যত্ন কৰিব লাগে। বেছি নম্বৰৰ বাবে উত্তৰ দীঘলীয়াকৈ আৰু কম নম্বৰৰ বাবে চুটিকৈ কৰিবলৈ যত্ন কৰিব লাগে। প্ৰশ্নোত্তৰবোৰ কৰোতে এনেদৰে কৰিব লাগে যাতে প্ৰদত্ত সময়খিনিৰ সুব্যৱহাৰ

৫৪