পৃষ্ঠা:Swagatam Pariksha.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

প্ৰশ্নকাকত বিতৰণৰ পাছত আৰু সামৰণি

 পৰীক্ষাৰ প্ৰশ্নকাকত বিতৰণৰ লগে লগে পৰীক্ষাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যায়টো আৰম্ভ হোৱা বুলি ক’ব পাৰি। নিৰ্দিষ্ট সময়ৰ ভিতৰত সুন্দৰভাৱে শুদ্ধকৈ প্ৰশ্নকাকতৰ উত্তৰসমূহ উত্তৰৰ বহীত লিপিবদ্ধ কৰাৰ দক্ষতাৰ ওপৰতেই পৰীক্ষাৰ্থীজনৰ পৰীক্ষাত সফলতা নিৰ্ভৰ কৰে। গতিকে পৰীক্ষাত উত্তৰ কৰা এই পৰ্যায়টো তেওঁলোকে অতি গুৰুত্বসহকাৰে বিবেচনা কৰিব লাগিব আৰু ইয়াত সাহসেৰে অৱতীৰ্ণ হ’ব লাগিব।

 প্ৰশ্নকাকতখন পায়েই বহুতো পৰীক্ষাৰ্থী কিংকৰ্তব্যবিমূঢ় বা নাৰ্ভাছ হৈ পৰে যিটো পৰীক্ষাত আশানুৰূপ ফল নোপোৱাৰ এক প্ৰধান কাৰণ। আগৰে পৰাই সাহস গোটাই ৰাখিলে পৰীক্ষাৰ্থীসকলে সাধাৰণতে প্ৰশ্নকাকতখন বিতৰণৰ সময়তো নিৰ্বিকাৰ হৈ থাকিব পাৰে। প্ৰশ্নকাকতখন পায়েই পৰীক্ষাৰ্থীসকলে গোটেইখন খৰকৈ পঢ়ি পেলাব লাগে। প্ৰশ্নকাকতখন পঢ়োতে সময় খৰচ হোৱা বুলি ভাবিব নালাগে। কাৰণ প্ৰশ্নখন পঢ়াৰ পিছত তাৰ ওপৰত এটি ধাৰণা হয় যিয়ে সেইখনৰ উত্তৰ কৰাত পৰীক্ষাৰ্থীসকলক যথেষ্ট সহায় কৰে। প্ৰশ্নকাকতখন পঢ়াৰ ক্ষেত্ৰত প্ৰথমেই চন আৰু পৰীক্ষাৰ বিষয় ঠিক আছেনে চাই ল’ব লাগে। প্ৰথম, দ্বিতীয়, তৃতীয় আদি প্ৰশ্নকাকতৰ নম্বৰসমূহো সঠিক আছেনে চাব লাগে। অন্যথা লগে লগে পৰীক্ষাৰ পৰিচালকমণ্ডলীৰ দৃষ্টিগোচৰ কৰিব লাগে। প্ৰশ্নকাকতখনৰ উত্তৰ কৰিবলৈ দিয়া নিৰ্দিষ্ট সময়, বিভিন্ন গ্ৰুপ, প্ৰতিটো গ্ৰুপৰ উত্তৰ কৰিবলগীয়া প্ৰশ্নৰ সংখ্যা, বাধ্যতামূলক প্ৰশ্ন আদি প্ৰশ্নখনৰ আন কিছুমান মন কৰিবলগীয়া কথা। আন এক গুৰুত্বপূৰ্ণ কথা হ’ল এই যে, প্ৰশ্নৰ গাঁথনি কেতিয়াবা সলনিও হ’ব পাৰে। আগৰ গাঁথনিমতেই প্ৰশ্নোত্তৰ কৰিবলৈ গৈ পৰীক্ষাৰ্থীয়ে কেতিয়াবা ঠগ খোৱাৰ সম্ভাৱনাও থাকে। গতিকে প্ৰশ্নকাকতখন প্ৰথমৰ পৰাই এবাৰ মনোযোগেৰে কিন্তু খৰকৈ পঢ়ি লোৱাটো তেওঁলোকৰ একান্ত কৰ্তব্য। প্ৰথম দৃষ্টিত প্ৰশ্নকাকতখন বহুতৰে বাবে আচহুৱা যেন লাগিব পাৰে। কিন্তু শান্ত মস্তিষ্কৰে পঢ়ি ল’লে সাধাৰণতে দেখা যায় যে, প্ৰায়বোৰ প্ৰশ্নৰ লগতে পৰীক্ষাৰ্থীসকল প্ৰত্যক্ষ বা পৰোক্ষভাৱে পৰিচিত আৰু ইয়ে তেওঁলোকক উত্তৰ কৰাৰ বাবে আত্মবিশ্বাস বঢ়াই তোলে।

 প্ৰশ্নকাকতখন পঢ়াৰ লগে লগে নিৰ্দিষ্ট সময়ৰ ভিতৰত উত্তৰ কৰিব পৰাকৈ ইয়াৰ পৰিকল্পনাৰ এটি ধাৰণা মনতে কৰি ল’ব লাগে। দীঘলীয়া প্ৰশ্নবোৰৰ ক্ষেত্ৰত কিমান সময় উত্তৰৰ বাবে দিব পাৰি তাকো পৰিকল্পনা কৰি ল’ব লাগে। অৱশ্যে মুঠ সময়ৰ

৫৩