পৃষ্ঠা:Swagatam Pariksha.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা

বেছি সেই নিয়মৰ অংকবোৰ দ্ৰুততাৰে কৰিবলৈ যত্ন কৰিব লাগে। বিভিন্ন সূত্ৰ আৰু সেইবোৰৰ নিগমন পদ্ধতি ভালদৰে লিখি লিখি মুখস্থ কৰিব লাগে। একেবিধ অংকৰে বেলেগে বেলেগ নিয়মৰ ওপৰত গুৰুত্ব দিব লাগে আৰু নিয়মবোৰৰ মাজৰ মূল পাৰ্থক্যটো কি তাক বিচাৰি উলিয়াব লাগে। অতি দৰকাৰী অংকবোৰৰ উত্তৰবোৰো মনত ৰাখিবলৈ যত্ন কৰিব লাগে। পৰীক্ষাৰ বাবে কিছুমান অত্যন্ত দৰকাৰী অংকৰ ক্ষেত্ৰত প্ৰতিটো শাৰী বা ষ্টেপ মুখস্থ কৰি ৰাখিব লাগিব; সাধাৰণতে কৰাৰ দৰে আগৰ শাৰীৰ পৰা বুজি বুজি পিছৰ শাৰীবোৰ নিগমন কৰিলে পৰীক্ষাত সময় নহ’ব। জ্যামিতিৰ ক্ষেত্ৰতো মুখস্থ কৰোতে সদায় য’ত আৱশ্যক হয় ছবিটো প্ৰথমে আঁকি লৈ তাৰ ভিত্তিত বাকী অংশ লিখি যাব লাগে। এই ক্ষেত্ৰতো সংজ্ঞা, সূত্ৰ, উপপাদ্য আদি ভালদৰে মুখস্থ কৰিব লাগে। বুৰঞ্জী বিষয়ৰ ক্ষেত্ৰত বিভিন্ন ঘটনাৰ চন-তাৰিখবোৰ অত্যন্ত দৰকাৰী আৰু সেইবোৰ ভালদৰে লিখি মুখস্থ কৰিব লাগে। এখন বহীত চন-তাৰিখ আৰু ঘটনাবোৰৰ এখন তালিকা তৈয়াৰ কৰি মাজে মাজে সেইবোৰ মনত পেলাই থাকিব লাগে। বিভিন্ন চনবোৰৰ মাজত, এশ বছৰ আগৰ, এশ বছৰ পিছৰ, চনটো ওলোটাই লিখা আদি সম্বন্ধ আনিবলৈ যত্ন কৰিব লাগে যাতে এটি চন মনত ৰাখি লৈ বাকীবোৰ চন এই সম্বন্ধবোৰৰ পৰাই উলিয়াব পৰা যায়। বিভিন্ন সময়ৰ শাসনকৰ্তাসকলৰ দ্বাৰা শাসিত অঞ্চলৰ মানচিত্ৰ আঁকি তাৰ বিভিন্ন অঞ্চল চিহ্নিত কৰি সেইবোৰ মনত ৰাখিবলৈ যত্ন কৰিব লাগে। ভূগোল বিষয়ৰ ক্ষেত্ৰতো মানচিত্ৰৰ গুৰুত্ব অপৰিসীম। সেইবোৰ খুব ভালদৰে বুজি লৈ আঁকিবলৈ যত্ন কৰিব লাগে। ভূগোল আৰু বুৰঞ্জীৰ ক্ষেত্ৰত মানচিত্ৰসমূহ ভালদৰে জনা থাকিলে তাৰ ভিত্তিত বহু তথ্য মনত ৰাখিব পাৰি। বিজ্ঞানৰ ক্ষেত্ৰত বুজা আৰু মুখস্থ কৰা দুয়োটাৰে গুৰুত্ব সমান আৰু সৰ্বাধিক। বিজ্ঞানৰ ক্ষেত্ৰত নুবুজাকৈ কেতিয়াও মুখস্থ কৰিবলৈ যত্ন কৰিব নালাগে। এই বিষয়ৰ ক্ষেত্ৰতো সংজ্ঞা, সূত্ৰ, গাণিতিক প্ৰকাশ ৰাশি, বিভিন্ন নাম, উদাহৰণ আদি ভালদৰে লিখি লিখি মনত ৰাখিব লাগে। ছবিৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগে আৰু বিভিন্ন অংশবোৰৰ শুদ্ধ নামকৰণসহ ছবিবোৰ বাৰে বাৰে দ্ৰুতভাৱে অঁকাৰ অভ্যাস কৰিব লাগে। বহুক্ষেত্ৰত ছবিবোৰ ভালদৰে জনা থাকিলে তাৰ ভিত্তিতে বিজ্ঞানৰ বিভিন্ন বিষয় বিভাগ, উপ- বিভাগ, তালিকা আদিত বিভক্ত কৰি অধ্যয়ন কৰিলে বুজা আৰু মনত ৰখাত সহায়ক হয়। এনেদৰে অধ্যয়ন আগবঢ়াৰ লগে লগে আন আন বিষয়ৰ ক্ষেত্ৰতো আৱশ্যকীয় পৰিকল্পনা পৰীক্ষাৰ্থীসকলে নিজে নিজেই গ্ৰহণ কৰিব পাৰিব আৰু পাঠবোৰ আয়ত্ত কৰিব পাৰিব।

 বিভিন্ন বিষয়ত সন্নিৱিষ্ট বিভিন্ন তথ্য মনত ৰখাৰ যথেষ্টসংখ্যক বিভিন্ন আকৰ্ষণীয়

কৌশল বুদ্ধিমান ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ বা আন উৎসাহী ব্যক্তিসকলে ইতিমধ্যেই উদ্ভাৱন

৪৬