পৃষ্ঠা:Swagatam Pariksha.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পাঠ আয়ত্তকৰণ— অধ্যয়নৰ অন্তিম স্তৰ

 এতিয়া কথা হ’ল, বিভিন্ন বিষয়ৰ বিভিন্ন অতি দৰকাৰী, দৰকাৰী আদি পাঠবোৰ আয়ত্ত কৰা যায় কেনেকৈ? আগতে উল্লেখ কৰাৰ দৰে আয়ত্ত কৰা বুলিলে অধ্যয়নৰ যোগেদি বুজি পোৱা, ধাৰণা কৰা আৰু অৱশেষত পাঠটো মুখস্থ কৰাটোকেই বুজায় যদিও পৰীক্ষাৰ ঠিক আগৰ এই সময়ছোৱাত শেষৰটো পৰ্যায় মুখস্থ কৰাতেই সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিব লাগিব। কাৰণ টোকা প্ৰস্তুত কৰাৰ সময়তেই আমি বাকীকেইটা পৰ্যায় কম-বেছি পৰিমাণে পাৰ হৈ অহা বুলি ধৰি ল’ব পাৰি। এতিয়া এটা পাঠ পঢ়ি ল’ব লাগে। সংজ্ঞা, সূত্ৰ, উদাহৰণ, তাৰিখ, ব্যক্তি বা বস্তুৰ নাম, ছবি, যুক্তি, গাণিতিক প্ৰকাশ ৰাশি, উদ্ধৃতি আদি পাঠটোত থাকিলে তাত অধিক মনোযোগ প্ৰদান কৰিব লাগে। তাৰ পাছত পাঠটো লিখি চাব লাগে। মনত নপৰা কথাবোৰ টোকাৰ দৰে হুবহু মনত ৰাখিবই লাগিব। কিন্তু কিছুমানৰ মূলভাবটো মনত ৰাখি পুনৰবাৰ লিখোতে কিছু সলনি কৰি লিখিলেও হ’ব; অৱশ্যে সকলো ক্ষেত্ৰতে যিমান পাৰি সিমান টোকা হুবহু মনত ৰখাটোৱেই বাঞ্ছনীয়। কিন্তু সংজ্ঞা, সূত্ৰ আদি উপৰোক্ত অধিক মনোযোগ দিবলগীয়া কথাবিলাক সকলো ক্ষেত্ৰতে হুবহু মনত ৰাখিবই লাগিব, আৰু পৰীক্ষাত উপস্থাপন কৰিব পাৰিব লাগিব। কোনো পাঠৰ টোকা যথেষ্ট দীঘল হলে টোকাবহীত কাঠ পেঞ্চিলেৰে দাগ দি টোকাটো সুবিধাজনক ভাগত ভাগ কৰি ল’ব লাগে আৰু ভাগবোৰ বেলেগ বেলেগকৈ আয়ত্ত কৰিবলৈ যত্ন কৰিব লাগে। শেষত একেবাৰতে এবাৰ বা দুবাৰ লিখি চাব লাগে। অসমীয়া, ইংৰাজী বা আন সাহিত্য সম্পৰ্কীয় বিষয়ৰ ক্ষেত্ৰত আৱশ্যকীয় পাঠবোৰ আৰু তাৰ লিখকসকলৰ নামবোৰ বাৰে বাৰে লিখি শুদ্ধভাৱে মুখস্থ কৰিব লাগে। প্ৰতিটো পাঠৰ সাৰাংশসমূহ মুখস্থ নকৰিলেও বেছ ভালদৰে পঢ়ি ৰখাটোও আৱশ্যকীয়। এনে বিষয়বোৰৰ ব্যাকৰণ বা গ্ৰামাৰ অংশৰ বিভিন্ন সংজ্ঞা আৰু উদাহৰণবোৰ মুখস্থ ৰাখিবই লাগিব। উদাহৰণ যিমান পাৰি বেছি পঢ়িব লাগে যাতে পৰীক্ষাত কেইটামান হলেও মনত থাকে। ৰচনাৰ বিভিন্ন ভাগ বা পইণ্টবোৰ একাদিক্ৰমে মনত ৰাখিবলৈ যত্ন কৰিব লাগে, গোটেই ৰচনাখন হুবহু মনত নাথাকিলেও কথা নাই। ইয়াৰ ভিতৰত থকা উদ্ধৃতি আদি কিন্তু ভালদৰে লিখি লিখি মুখস্থ কৰা উচিত। অংকৰ ক্ষেত্ৰত কাগজ-কলম লৈ অংকবোৰ কৰি চোৱাটোত বেছি গুৰুত্ব আৰোপ

কৰিব লাগে। এনে ক্ষেত্ৰতো প্ৰথমে একেবিধ নিয়মৰ অংকবোৰ পঢ়ি লৈ যিমান পাৰি

৪৫