পৃষ্ঠা:Swagatam Pariksha.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা


 

পাঠ আয়ত্তকৰণৰ আগকথা

 আগৰ অনুচ্ছেদত আমি এটি নিৰ্দিষ্ট বছৰৰ বাবে আৱশ্যকীয় প্ৰশ্নৰ বাছনি সম্পৰ্কে আলোচনা কৰিছো। এই অনুচ্ছেদত ইয়াৰ ওপৰত ভিত্তি কৰি অতি দৰকাৰী, দৰকাৰী আদি বিভিন্ন শিতানত ভাগ কৰা পাঠসমূহ আয়ত্ত কৰাৰ পদ্ধতি সম্পৰ্কে আলোচনা কৰিম। অৱশ্যে অধ্যয়ন আৰম্ভ কৰাৰ আগতে এটি বিস্তৃত পৰিকল্পনা কৰি লোৱাৰ প্ৰয়োজন। টোকা প্ৰস্তুত কৰাৰ সময়ত যেনেদৰে অধ্যয়নৰ তালিকা বা ৰুটিন আমি অনুসৰণ কৰিছিলো, তেনেদৰে টোকাসমূহৰ অধ্যয়নৰ ক্ষেত্ৰতো অধ্যয়নৰ তালিকা প্ৰয়োজনীয়। সাধাৰণতে আগৰ দৰেই বৃত্তীয় অধ্যয়ন তালিকাই সুবিধাজনক যদিও নিজৰ ব্যক্তিগত সুবিধা-অসুবিধাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীসকলে আন ধৰণৰ তালিকাও অনুসৰণ কৰিব পাৰে। অৱশ্যে কোনো ধৰণৰ অধ্যয়নৰ তালিকা অনুসৰণ নকৰাকৈয়ে বা টোকা আদি প্ৰস্তুত নকৰাকৈয়ে পৰীক্ষাত চমকপ্ৰদ ফলাফল দেখুওৱাৰ উদাহৰণ আছে। কিন্তু এইবোৰ ব্যতিক্ৰম বুলিহে ধৰিব লাগে। অধ্যয়ন আৰম্ভ কৰাৰ আগতে, পৰীক্ষাৰ আগতে পাব পৰা মুঠ সময় হিচাপ কৰি উলিয়াব লাগে আৰু প্ৰতিটো বিষয়ৰ বাবে পাব পৰা সময় জানি ল’ব লাগে। সাধাৰণতে সমান নম্বৰৰ বিষয়ৰ অধ্যয়নৰ বাবে সমান পৰিমাণৰ সময় লোৱাটোৱেই নিয়ম যদিও বিষয়ৰ কঠিনতা আদি চাই বিষয় অনুযায়ী লোৱা সময়ৰ কিছু তাৰতম্য ঘটাব লাগিব পাৰে। তদুপৰি প্ৰতিটো বিষয়ৰ বাবে ৰখা সময়ৰ শেষৰ ২০%-২৫% সময় পুনৰ অধ্যয়ন বা ৰিভাইছ কৰাৰ বাবে ৰাখিবই লাগিব আৰু বাকী সময়খিনিৰ ভিতৰতে কমেও এবাৰ অত্যন্ত দৰকাৰী আৰু দৰকাৰী অংশখিনি আয়ত্ত কৰিবই লাগিব। আয়ত্ত কৰা মানে এইটোৱেই বুজোৱা হৈছে যে, পৰীক্ষাত আয়ত্ত কৰা বিষয়বোৰৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৰা যিকোনো প্ৰশ্নৰ উত্তৰ পৰীক্ষাৰ্থীসকলে নম্বৰ অনুযায়ী চুটি বা দীঘলকৈ কৰিব পাৰিব লাগিব। ইয়াৰ বাবে পৰীক্ষাৰ্থীসকলে বিষয়বোৰ গভীৰভাৱে অধ্যয়ন কৰিব লাগিব, ভালদৰে বুজিব লাগিব, পৰিষ্কাৰভাৱে ধাৰণা কৰিব লাগিব আৰু অৱশেষত নিখুঁতভাৱে মুখস্থ কৰিব লাগিব। ইয়াৰে প্ৰথম তিনিটা পৰ্যায় ছাত্ৰ-ছাত্ৰীসকলে টোকা প্ৰস্তুত কৰোতে পাৰ হৈ আহিছেই। এতিয়া চতুৰ্থ পৰ্যায়টোহে বাকী আছে। এই আটাইকেইটা পৰ্যায়ৰ ভিতৰত শেষ পৰ্যায়টোৱেই পৰীক্ষাৰ বাবে সবাতোকৈ দৰকাৰী। কাৰণ পৰীক্ষাৰ

বাবে দিয়া বিভিন্ন বাধ্যবাধকতাৰ ভিতৰত নিখুঁতভাৱে, শুদ্ধকৈ প্ৰশ্নোত্তৰসমূহ বহীত

৩৯