পৃষ্ঠা:Swagatam Pariksha.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা


হয় আৰু পৰীক্ষকৰো পৰীক্ষাৰ্থীৰ প্ৰতি ধাৰণা ভাল হয়। অৱশ্যে সাধাৰণতে পাঠ্যপুথিত নথকা অতি অপৰিচিত ধৰণৰ চিহ্ন ব্যৱহাৰ কৰা উচিত নহয়। পৰীক্ষাত লিখাৰ ক্ষেত্ৰত চমু কৰাৰ অৱকাশ ৰাখিলেও টোকা লিখোতে অংকবোৰ বহলাই লিখিব লাগে যাতে পিছত অভ্যাস কৰোতে পিছৰ শাৰী এটা আগৰ শাৰীৰ পৰা কেনেদৰে নিগমন কৰা হ’ল বা আহিল তাকে লৈ বিশেষ চিন্তা কৰিবলগীয়া নহয়। অংকবোৰৰ টোকা সম্পূৰ্ণ শুদ্ধ বুলি পতিয়ন যোৱাৰ আগতে অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰী বা অগ্ৰজ ছাত্ৰ-ছাত্ৰীসকলৰ লগত আলোচনা কৰি ল’ব লাগে। কঠিন অংকসমূহো তেওঁলোকৰ পৰা বুজি ল’ব পৰা যায়। প্ৰসংগ পুথি বা সহায়িকা পুথিৰ দ্বাৰাও এই ক্ষেত্ৰত কিছু পৰিমাণে উপকৃত হ’ব পৰা যায়। অৱশ্যে পাঠ্যপুথি, প্ৰসংগ পুথি বা সহায়িকা পুথিত থাকিব পৰা ভুলবোৰৰ প্ৰতি অতি সচেতন হ’ব লাগে। মুঠতে অংকৰ টোকাত হাতত পৰা পৰীক্ষাৰ বাবে সম্ভাব্য সকলোবোৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ যিকোনো উপায়ে সন্নিৱিষ্ট কৰিব লাগিব।

 গণিত বা অংকৰ টোকা প্ৰস্তুত কৰা সম্পৰ্কে এইখিনি আলোচনা কৰিলো। গতিকে এতিয়ালৈ অসমীয়া, ইংৰাজী আৰু গণিতৰ টোকা প্ৰস্তুত কৰাৰ পদ্ধতি সম্পৰ্কে তোমালোক নিশ্চয় অৱগত হ’লা। প্ৰায় একে ধৰণৰ পদ্ধতি অনুসৰণ কৰি তোমালোকে বিজ্ঞান, সমাজ অধ্যয়ন আদি বিষয়বোৰৰো টোকা প্ৰস্তুত কৰিব পাৰিবা। বিষয়বস্তু অনুযায়ী বা ইয়াৰ বিচিত্ৰতা অনুযায়ী ইয়াৰ প্ৰশ্নকাকতসমূহৰ গঠনৰ সামান্য পাৰ্থক্য থাকিব পাৰে। কিন্তু তোমালোকৰ পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত এইবোৰ বিষয়ৰো টোকা অনায়াসে প্ৰস্তুত কৰিব পাৰিবা।

 সকলোবোৰ বিষয়ৰে টোকা প্ৰস্তুত কৰোতে পাঠ্যক্ৰমৰ নিৰ্দিষ্ট সময়ৰ এক বুজন অংশ ব্যয় হ’ব। অৱশ্যে লগতে বিষয়বস্তুবোৰ এবাৰ বা দুবাৰ ভালদৰে পঢ়ি লোৱাও হ’ব। ইতিমধ্যে পৰীক্ষাও ওচৰ চাপিব। গতিকে এই টোকাসমূহ লৈ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ বাবে বিশেষভাৱে পঢ়াৰ প্ৰস্তুতি চলাব লাগিব। সেই সময়ত ছাত্ৰ-ছাত্ৰী, পৰীক্ষাৰ্থীসকলৰ প্ৰধান উদ্দেশ্য হ’ব টোকাত থকা কথাবোৰ শুদ্ধভাৱে বুজি লৈ, সেইবোৰ মনত ৰাখি, পৰীক্ষাগৃহত কম সময়তে যথাযথভাৱে পৰীক্ষাৰ সীমিত সা-

সুবিধাৰ মাজতে পৰীক্ষাৰ বহীত আকৰ্ষণীয়ভাৱে উপস্থাপন কৰা।

৩৬