পৃষ্ঠা:Swagatam Pariksha.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অতিৰিক্ত বিষয়, ঐচ্ছিক বিষয়

 পাঠ্যপুথি তথা প্ৰসংগ পুথি, প্ৰশ্নকাকত আৰু অভিজ্ঞ শিক্ষক তথা মেধাৱী অগ্ৰজ ছাত্ৰ- ছাত্ৰীৰ টোকাবহী—এইখিনি সংগ্ৰহ হোৱাৰ পিছত পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ স্তৰ অধ্যয়নৰ ক্ষেত্ৰখনত প্ৰবেশ কৰিব পাৰে। সেইপ্ৰসংগতে এইঅনুচ্ছেদত আমি অতিৰিক্ত বিষয় আৰু ঐচ্ছিক বিষয় সম্পৰ্কে চমুকৈ আলোচনা কৰো। অতিৰিক্ত বিষয়ৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কথা হ’লঃ যদি চূড়ান্ত পৰীক্ষাত নম্বৰ যোগ নহয় বা উচ্চ গ্ৰেড লোৱাত সহায় নকৰে তেন্তে বিশেষ কাৰণ নহ’লে তেনে অতিৰিক্ত বিষয় সম্পূৰ্ণৰূপে বাদ দিব লাগিব। আনহাতে চূড়ান্ত পৰীক্ষাত সম্পূৰ্ণৰূপে বা আংশিকভাৱেও নম্বৰ যোগ হ’লে বা উচ্চ গ্ৰেড পোৱাত সহায়ক হ’লে ইয়াক আন বিষয়ৰ দৰেই সমানে গুৰুত্ব দিব লাগিব আৰু আন এটা ঐচ্ছিক বিষয় হিচাপেই গণ্য কৰিব লাগিব। ঐচ্ছিক বিষয়ৰ বাছনিও ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয় আৰু সেইহিচাপে গভীৰ বিবেচনাৰেহে ইয়াত অগ্ৰসৰ হ'ব লাগিব। যিহেতু এই বিষয়টো ভৱিষ্যৎ জীৱনৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ সেইবাবে ছাত্ৰ-ছাত্ৰীসকলে অভিভাৱক, শুভাকাংক্ষী, শিক্ষক-শিক্ষয়িত্ৰী, অগ্ৰজ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু বান্ধৱীসকলৰ লগত বিস্তৃত পৰামৰ্শ কৰিহে চূড়ান্ত সিদ্ধান্ত লোৱা উচিত। ইয়াত প্ৰথমেই বিবেচনা কৰিবলগীয়া কথা হ’ল ছাত্ৰ-ছাত্ৰীসকলৰ ৰাপ বা স্পৃহা। যি বিষয়ত ছাত্ৰ-ছাত্ৰীসকলৰ ৰাপ বা স্পৃহা বেছি, আন গুৰুতৰ কাৰণ নাথাকিলে সেই বিষয়টোৱেই ঐচ্ছিক বিষয় হিচাপে বাছি লোৱা উচিত। মনত ৰাখিব লাগিব যে, পৰীক্ষাত ভাল ফলাফল দেখুৱাব পাৰিলে সকলো বিষয়ৰে সমাজত গুৰুত্ব আছে। দ্বিতীয়তে বিবেচনা কৰিবলগা কথা হ’ল ভৱিষ্যতৰ বৃত্তি বা অধ্যয়ন সম্পৰ্কে চিন্তা। উদাহৰণস্বৰূপে ভৱিষ্যতে যদি কোনোবা ছাত্ৰ-ছাত্ৰীয়ে গণিত বা বিজ্ঞান বিষয়ত উচ্চ অধ্যয়ন, গৱেষণা আদি কৰিবলৈ ইচ্ছা কৰে, তেন্তে বিদ্যালয়ৰ পাঠ্যক্ৰমত ঐচ্ছিক বিষয় হিচাপে উচ্চ গণিত বা উচ্চ বিজ্ঞান বাছি লোৱাটো উচিত হ’ব। অৱশ্যে এনেবোৰ বিষয় পাঠ্যক্ৰমত ঐচ্ছিক বিষয় হিচাপে থাকিব লাগিব। একেদৰে চিকিৎসা শাস্ত্ৰ পঢ়িব খুজিলে উচ্চতৰ মাধ্যমিক পৰ্যায়ত জীৱবিজ্ঞান বা প্ৰযুক্তিবিদ্যা পঢ়িব খুজিলে অংকশাস্ত্ৰ বিষয় হিচাপে থকাটো বাধ্যতামূলক। গতিকে এনে ক্ষেত্ৰত ভৱিষ্যতে পঢ়িব খোজা বিষয়সমূহৰ ক্ষেত্ৰত আৱশ্যকীয় কথাবিলাক বিবেচনা কৰিহে সিদ্ধান্ত ল’ব লাগিব। কেতিয়াবা দেখা যায় যে, দুটা ঐচ্ছিক বিষয়ৰ এটাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি বেছি উজু আৰু আনটোৰ অত্যন্ত কঠিন। এনে ক্ষেত্ৰত আনপিনৰ পৰা অসুবিধা নাথাকিলে উজু বিষয়টো ঐচ্ছিক বিষয় হিচাপে গ্ৰহণ কৰাত

অলপো ইতস্ততঃ কৰিব নালাগে।

২১