পৃষ্ঠা:Swagatam Pariksha.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা



 সৰ্বশেষত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক-শিক্ষয়িত্ৰী বা অগ্ৰজ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন বিষয়ৰ টোকা বা নোট সংগ্ৰহ কৰিব লাগিব। এই ক্ষেত্ৰতো যিমান পাৰি বেছিকৈ বিভিন্ন বিষয়ৰ টোকা সংগ্ৰহ কৰাত গুৰুত্ব আৰোপ কৰিব লাগিব; আৱশ্যক হ’লে ফটোষ্টেট পদ্ধতি ইয়াতো প্ৰয়োগ কৰিব লাগিব। তদুপৰি অগ্ৰজ ছাত্ৰ-ছাত্ৰীসকলৰ লগত আলোচনা কৰি প্ৰতিটো বিষয়ৰে কমেও একোখন ভাল সহায়িকা পুথিও সংগ্ৰহ কৰা উচিত। গতিকেই কোনো এটা নিৰ্দিষ্ট পাঠ্যক্ৰম অধ্যয়ন কৰাৰ আগমুহূৰ্তত প্ৰধান কাম হ’ল— এই পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি পাঠ্যক্ৰম, প্ৰসংগ পুথি, প্ৰশ্নকাকত আৰু টোকাবহী তথা সহায়িকা পুথি সংগ্ৰহ কৰা। কিন্তু এটা অতি মন কৰিবলগীয়া কথা হ’ল যে, অধ্যয়নৰ কেৱল আৰম্ভণিৰ দিনবোৰতেই এই সংগ্ৰহ তথা এইবোৰৰ অনুশীলন সীমাবদ্ধ নহয়। অধ্যয়ন আগবঢ়াৰ লগে লগে বিভিন্ন নতুন নতুন প্ৰসংগ পুথি পঢ়াৰ প্ৰয়োজন অনুভৱ হ’ব পাৰে আৰু ছাত্ৰ-ছাত্ৰী বা পৰীক্ষাৰ্থীসকলেও এই

দিশত সক্ৰিয় দৃষ্টিভংগী গ্ৰহণ কৰি অগ্ৰসৰ হ’ব লাগিব।]

২০