পৃষ্ঠা:Swagatam Pariksha.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা


সংগ্ৰহ কৰিবলগীয়া বস্তুবোৰ হ’ল— পাঠ্যপুথি তথা প্ৰসংগ পুথি, পুৰণি প্ৰশ্নকাকত আৰু অগ্ৰজ ছাত্ৰ-ছাত্ৰীসকলৰ বা শিক্ষকসকলৰ টোকাবহী বা নোট। বিদ্যালয় পৰ্যায়ত নিৰ্দিষ্ট পাঠ্যপুথিসমূহে আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান লাভ কৰে। গতিকে ছাত্ৰ-ছাত্ৰীসকলে পোনতেই নিৰ্দিষ্ট পাঠ্যপুথিসমূহ তথা আৱশ্যকীয় প্ৰসংগ পুথিসমূহ সংগ্ৰহ কৰিবলৈ যত্ন কৰিব লাগে। এই পুথিসমূহৰ তালিকাখন বহু ক্ষেত্ৰত পাঠ্যক্ৰম তালিকাত দিয়া থাকে যদিও চূড়ান্ত তালিকা প্ৰস্তুত কৰোতে শিক্ষক তথা অগ্ৰজ ছাত্ৰ-ছাত্ৰীৰ লগত আলোচনা কৰা উচিত। পাঠ্যপুথিৰ ক্ষেত্ৰত বিশেষ দ্বিমত নাথাকিলেও প্ৰসংগ পুথিৰ ক্ষেত্ৰত ভিন্ন মত পোৱা যায়। এনেবোৰ ক্ষেত্ৰত বহুকেইজনৰ মতামত গ্ৰহণ কৰি আৰু নিজেও প্ৰসংগ পুথিসমূহ চকু ফুৰাই চাই সিদ্ধান্ত ল’ব লাগে। ইয়াৰ পিচত আহিল এই পুথিসমূহৰ সংগ্ৰহ। সাধাৰণতে কিতাপৰ বিপণিৰ পৰাই কিনি এইবোৰ সংগ্ৰহ কৰা ভাল। কিন্তু আৰ্থিকভাৱে অসমৰ্থ হলে চিনাকি বন্ধু-বান্ধৱী, সম্বন্ধীয় লোক আদিৰ পৰাও সংগ্ৰহ কৰা সম্ভৱ। কেতিয়াবা দুই-তিনিজন ছাত্ৰ-ছাত্ৰী লগ হৈ এখন কিতাপ কিনিও বেছ ভালদৰেই কাম চলাব পাৰি— কেৱল পাৰস্পৰিক বুজাবুজিৰহে আৱশ্যক। আকৌ কেতিয়াবা কিছুমান আৱশ্যকীয় পাঠ্যপুথি অথবা প্ৰসংগ পুথি বজাৰত পোৱা নাযায়। এনে ক্ষেত্ৰতো এখন পুথিৰেই কেইবাজনেও কাম চলাব লাগিব আৰু ছাত্ৰ- ছাত্ৰীসকলে সহযোগিতাৰ মনোভাবেৰে আগবাঢ়িব লাগিব। সুবিধা হলে ছাত্ৰ-ছাত্ৰীসকলে এনেকুৱা পুথিসমূহ ফটোষ্টেট কৰি ল’ব লাগে। তদুপৰি বিদ্যালয় স্তৰতে ছাত্ৰ-ছাত্ৰীসকলে আৱশ্যকীয় পুথিসমূহ বিভিন্ন ধৰণে কেনেদৰে সংগ্ৰহ কৰিব লাগে তাক শিকিব লাগে, যিটো এক অতি আমোদজনক তথা শিক্ষণীয় অভিজ্ঞতা।

 ইয়াৰ পিছত সংগ্ৰহ কৰিবলগীয়া বস্তু হ’ল প্ৰশ্নকাকতসমূহ। পৰীক্ষাত যিহেতু পৰীক্ষাৰ্থীসকলে এই প্ৰশ্নকাকতসমূহৰ উত্তৰৰ যোগেদিয়েই নিজৰ পাৰদৰ্শিতা দাঙি ধৰিব লাগিব, গতিকে এটা নিৰ্দিষ্ট পাঠ্যক্ৰমৰ ক্ষেত্ৰত ইয়াৰ শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নসমূহৰ লগত ছাত্ৰ-ছাত্ৰীসকল সম্পূৰ্ণ পৰিচিত হৈ থাকিব লাগিব আৰু সেইবাবে যিমান পাৰি বেছিসংখ্যক প্ৰশ্নকাকত তেওঁলোকে সংগ্ৰহ কৰিব লাগিব। কিতাপৰ বিপণি, শিক্ষক, বন্ধু বান্ধৱী বা পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ পৰা প্ৰশ্নকাকতসমূহ সংগ্ৰহ কৰিব পাৰি। ইয়াতো ফটোষ্টেট পদ্ধতি প্ৰয়োগ কৰি নিজাববীয়াকৈ সকলো প্ৰশ্নৰ এটা সংগ্ৰহ প্ৰস্তুত কৰিব লাগে আৰু সমগ্ৰ প্ৰশ্নকাকতসমূহ বেছ ভালদৰে একগোট কৰি বন্ধাই ল’ব লাগে যাতে ভৱিষ্যতে উপৰ্যুপৰি ব্যৱহাৰতো এইবোৰ নষ্ট নহয়। তদুপৰি প্ৰশ্নসমূহ বন্ধাই লওঁতে এটা মন কৰিবলগীয়া কথা হ’ল যে, প্ৰশ্নসমূহ চন বা বছৰ হিচাপে নবন্ধাই, বিষয় হিচাপে বন্ধাব লাগে; অৰ্থাৎ বিভিন্ন বছৰ বা চনৰ একে বিষয়ৰ প্ৰশ্নকাকতসমূহ একেলগে

বন্ধাই ৰাখিব লাগে। তেতিয়া পিছত ব্যৱহাৰ কৰিবলৈ বহুখিনি সুবিধা হয়।

১৯