পৃষ্ঠা:Su swasthyar aadhar.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তদুপৰি আধুনিক চিকিৎসা শাস্ত্র মতে চৰিয়াচিছৰকাৰণসমূহহ’লঃ ক) সংক্রমন-যেনে শিশুৰ গলৰ সংক্রমণ সময়ত চিকিৎসানকৰিলে। খ) চালত হােৱা কটাচিঙা, জুইয়ে পােৰা, সুৰ্য্যৰ তাপে পােৰা। গ) কিছুমান ঔষধৰ পাৰ্শ্বক্রিয়া যেনে- বিষনাশক, মেলেৰিয়াৰ ঔষধ ক্লৰকুইন, উচ্চৰক্তচাপ ব্যৱহত বিটাব্লকাৰ আদি। ঘ) মেদবহুলতা। ঙ) পুষ্টিহীনতা যেনে - কেলচিয়ামৰ চ) হর্মনযুক্ত কাৰণ যেনে গভাৱস্থা। ছ) বংশগত। চৰিয়চিহ্ৰলক্ষণসমূহঃ ক) অনুজ্জ্বল, ৰুক্ষ, ফাটি যােৱা ডাঠ ছালৰ (মাছৰবাকলিৰ দৰে) তৰপ দেখা যায়। খ) খজুৱতি। গ) মুৰত ইয়াক ডাঠ উফিৰ নিচিনা দেখা যায়। ঘ) চালৰ ডাঠ তৰপটো উঠাই দিলে। সামান্য তেজ ওলায়। ও) হাত আৰু ভৰিৰ নখবিলাকতাে এই ৰােগ হব পাৰে।নখৰ বৰণ সলনি হয়। আৰুআঙুলিৰ পৰা উঠি যাব পাৰে। চ) চৰিয়াচিছ পুৰণি হলে গাঠিৰ বিষ হব পাৰে। তাকে কয় চৰিয়াটিক আৰ্থৰাইটিছ। এইৰােগৰ লক্ষনীয় দিশসমূহ ক) কেচুৱাৰ পৰা বৃদ্ধলৈ যিকোনাে বয়সৰ লােকৰ এই ৰােগ হব পাৰে। খ) গ্রীস্মৰ তুলনাত শীতকালত এই ৰােগৰ প্রকোপ বেছিহয়। গ) এবাৰ আৰােগ্য হৈ পুনৰ আক্রান্ত হােৱা দেখা যায়। চ'ৰিয়াচিছৰ প্ৰকাৰঃ ১। প্লেক চ'ৰিয়াচিছ - সচৰাচৰ দেখা চ'ৰিয়াচিছ। ই প্রধানত কিলা কুটি, আঠু, মুৰৰ চাল, তপিনাৰ ফাকত হােৱা দেখা যায়। ইলাহে লাহে বাঢ়ে আৰুবহুদিনলৈ একেদৰেই থাকে। ২। ইনভার্চ চ'ৰিয়াচিছ - ই বেছিকৈ শকত লােকৰ শৰীৰত হােৱা দেখা যায়। যেনে - কাষলতিৰ তলত, কৰ ঙ নৰ চু কত, জননেন্দ্ৰিয়ৰ কাষত, স্তনৰ তলত ৰূপালী ৰঙৰ উজ্জল দাগ বহিব পাৰে। খজুৱতিৰ লগতে বিষাে হব পাৰে। ৩। গাটেৎ - সৰু লৰা ছােৱালীৰ ক্ষেত্ৰত সাক্ষাৰণতে হয়। গলৰ সংক্রমণ ইত্যাদিৰ ফলত হােৱা দেখা যায়। ইয়াত সৰু সৰু ঘুৰণীয়া আকৃতিৰ দাগ হয়। ৪। পাচটুলাৰ - ইয়াত জৰ, বিষ খজুৱতি, ইত্যাদি বহ পাৰে। এই ৰােগত সম্পূর্ণ শৰীৰত ৰঙা পৰি উঠিব পাৰে আৰু পুজ জমা হয়। হাতৰ আৰু ভৰিৰ তলুৱাত সাধাৰণতে হােৱা দেখা যায়। চৰিয়চিছত ব্যৱহৃত আয়ুবের্দীক ঔষধ ক)পঞ্চতিক্ত ঘৃত গুগুলু। খ) কৈশােৰ গুগুলু। গ) আৰােগ্যবধিনীবটী। ঘ) কুষ্ঠাৰি ৰস। ও) তুবক তৈল। চ) জীৱন্ত্যাদি ঘৃত। ছ)নিম্ব ঘৃত। বনৌষধী-মঞ্জিষ্ঠা, গুডুচি, নিম, হালধি। সােনাৰু, খদিৰ। ৭৭