পৃষ্ঠা:Su swasthyar aadhar.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডায়েবেটিছ (মধুমেহ ৰােগ) মধুমেহ ৰােগে সমগ্র বিশ্বতে এক ভয়াবহতাৰ সৃষ্টি কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ২০২০ চনৰ ভিতৰত ভাৰতবৰ্ষৰ এখন বহুমুত্র ৰােগ গ্রস্ত দেশ (ডায়েবেটিছ কেপিটেল) হিচাপে পৰিগণিত হব। সমগ্র বিশ্বত প্রতিবছৰে বহুমুত্র ৰােগত আক্রান্ত হােৱা ৰােগীৰ সংখ্যা বৃদ্ধি পাই আহিছে। ইয়াক আমি প্রমেহ বা মধুমেহ বুলিও কও সাধাৰণতে। কিন্তু আয়ুর্বেদ পদ্ধতি মতে মধুমেহ হ’ল ২০ বিধ প্রমেহৰ (বিভিন্ন মুত্রজনিত ব্যাধি) ভিতৰত এবিধ। মধুমেহ ৰােগ হৈছে একাধিক আনুসংগিক ৰােগৰ সমষ্টি। বিষম আহাৰ বিহাৰৰ লগতে বহুতাে পাৰিপাৰ্শ্বিক আৰু জেনেটিক (বংশগত) কাৰণেও এই ৰােগৰ উৎপত্তিত অৰিহণা যােগায়। তেজত চুগাৰ (গুক’জ) ৰ পৰিমান বৃদ্ধি হােৱাটো হৈছে এই ৰােগৰ প্রধান চিহ্ন। ইয়াৰ ওপৰিও এই ৰােগজনিত কাৰণত দেহত প্রটিন আৰু স্নেহ (লিপিড) পাচন প্রক্রিয়াটো বিসংগতি ঘটে। দেহত এই সমস্ত পক্রিয়াত ব্যাঘাত জন্মােৱা মুখ্য কাৰণ কেইটা হৈছেঃ- ক) অগ্নাশয় গ্রন্থিৰ পৰা ইনচুলিন (এবিধ হৰমন)নিঃসৰণ কমকৈ হােৱা। খ) দেহৰ কোষবােৰে আৱশ্যকীয় শর্কা কমকেব্যৱহাৰ কৰা। গ) দেহত শর্কৰ উৎপত্তি বেছিকৈ হােৱা। লক্ষণ সমূহ সঘনাইপ্রস্বাৱ লগা বেছিকৈ পিয়াহ লগা - বেছিকৈ ডােক লগা অতি কম সময়ৰ ভিতৰত ক্ষীণাই যােৱা মুখগহ্বৰ আৰু গল শুকাই যােৱা অনুভৱ কৰা -অত্যাধিকখজুৱতি অনুভৱ কৰা ৰােগ সৃষ্টিকৰিব পৰা উপাদান সমূহ আনুবংশিক ডায়েবেটিছ। - মেদবহুলতা। - দৈহিক পৰিশ্ৰমৰ অভাৱ। -জাতিগত। -গর্ভাবস্থা জনিত ডায়েবেটিছ। - তেজত কলেষ্টেৰলৰ পৰিমান বৃদ্ধি। -হৃদতন্ত্র জনিত অন্য ৰােগ। চিকিৎসা লক্ষ্য- তেজত সম্যক শৰ্কৰাৰ পৰিমাণ অটুট ৰখা। ৰােগবিধৰ কাৰণে হব পৰা অন্য জটিলতা বােৰ ৰােধ কৰা। ৭৪