পৃষ্ঠা:Su swasthyar aadhar.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Samir K. Sinha, ias Principal Secretary Finance, Health & Family Welfare Department Government of Assam Assam Sachivalaya, Dispur, Guwahati-781006 Phone : 0361-2237054 (0) Cena za শুভেচ্ছা বার্তা আয়ুষ সঞ্চালকালয়, অসম আৰু ৰাষ্ট্ৰীয় আয়ুষ অভিযান, অসমৰ উদ্যোগত “সু-স্বাস্থ্যৰ আধাৰ” শীর্ষক আয়ুর্বেদিক, যােগ ও প্রাকৃতিক আৰু হােমিঅ'পেথিক চিকিৎসাৰ সমাহাৰেৰে তথ্য সম্বলিত এখন স্বাস্থ্য সম্পর্কীয় গ্রন্থ প্রকাশৰ ব্যৱস্থা লােৱা বুলি জানিবলৈ পাই নথৈ আনন্দিত হৈছে। এই ক্ষেত্ৰত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব তথা ভাৰপ্ৰাপ্ত আয়ুষ সঞ্চালকৰ উদ্যোগত আয়ুষ সঞ্চালকালয়, অসম আৰু ৰাষ্ট্ৰীয় আয়ুষ অভিযান, অসমৰ বিষয়া কৰ্মচাৰীসকলৰ প্রচেষ্টাৰ শলাগ লােৱাৰ লগতে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলাে। স্বাস্থ্যৱান লােকৰ স্বাস্থ্য ৰক্ষা আৰু ৰােগগ্রস্ত লােকৰ ৰােগ নিবাৰণৰ ক্ষেত্ৰত ভাৰতীয় চিকিৎসা পদ্ধতিসমূহ আৰু হােমিঅ'পেথিক চিকিৎসা পদ্ধতিয়ে অতীজৰে পৰা সমাদৰ লাভ কৰি জনপ্রিয়তা অর্জন কৰি আহিছে। ৰাষ্ট্ৰীয় আয়ুষ অভিযান, অসমে আয়ুষ চিকিৎসা পদ্ধতিৰ প্ৰসাৰ আৰু বিকাশৰ বাবে প্রচেষ্টা অব্যাহত ৰাখিছে। সু-স্বাস্থ্যৰ আধাৰ” শীর্ষক পুস্তিকাখনিয়ে ৰাইজৰ মাজত বিপুল সমাদৰ লাভ কৰি ৰাইজক উপকৃত কৰিব বুলি আশা কৰিলাে। চীব কুমাব জিয় (এচ. কে. সিনহা)