পৃষ্ঠা:Su swasthyar aadhar.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হ্রাস পায় আৰু চকু শুকান হৈ পৰে। কম্পিউটাৰ ভিজন চিনড্ৰমৰ পৰা ৰক্ষা পাবলৈ আমি কম্পিউটাৰ বা মােবাইল ফোন ব্যৱহাৰৰ পৰা আতৰি থাকিব লাগিব, যিটো আজিৰ সময়ত কোনােপধ্যেই সম্ভৱপৰ নহয়। তলত উল্লেখ কৰা উপায় সমূহ ব্যৱহাৰ কৰি এই ৰােগৰ পৰা আঁতৰি থাকিব পাৰি— ১। পৰ্য্যাপ্ত পােহৰৰ ব্যৱস্থা - কম্পিউটাৰ ব্যৱহাৰ কৰা কোঠালীটোৰ পােহৰ পৰ্যাপ্ত পৰিমাণৰ হ’বলাগে।বহুত বেছি উজ্বল পােহৰত কম্পিউটাৰ ব্যৱহাৰ কৰি ব না লাগে। প প ক্ষ ত কম্পিউটাৰটো খিৰিকি বা দৰ্জাৰ পৰা অলপ নিলগত ৰাখিব্যৱহাৰ কৰিব লাগে। ২। কম্পিউটাৰ মণিটৰৰ ওপৰত feifocata sint (anti glare screen) লগাব লাগে। সম্ভৱ হলে কম্পিউটাৰ ব্যৱহাৰ কৰা কোঠালীটোৰ বেৰত ডাঠ ৰংৰ প্রলেপ লগাব লাগে। ৩। কম্পিউটাৰ বা মােবাইল ফোন ব্যৱহাৰ কৰা সময়ত (anti reflective coating (ARC) যুক্ত চছমা ব্যৱহাৰ কৰিব লাগে। ৪। সাধাৰণতে কম্পিউটাৰ সমূহত কেথড ৰে টিউব যুক্ত মনিটৰ থাকে, ইয়াৰ ঠাইত LCD বা LEDযুক্ত মণিতৰ ব্যৱহাৰ কৰিলে সুফল পােৱা যায়। সম্ভৱ হলে অলপ ডাঙৰ আকাৰৰ মনিটৰ ব্যৱহাৰ কৰিব লাগে। মনিটৰৰ আকাৰ ১৯ ইঞ্চিতকৈ ডাঙৰ হ'লে ভাল। ৫। বছৰত কমেও দুবাৰ চকু বিশেষজ্ঞৰ দ্বাৰা চকুপৰীক্ষা কৰাব লাগে। ৬। কম্পিউটাৰ ব্যৱহাৰৰ সময়ত কম্পিউটাৰটোৰ উজ্জ্বলতা (brightness) কমাই ল'ব লাগে আৰু (contrast) অলপ বঢ়াই ল'ব লাগে। সাধাৰণতে কম্পিউটাৰত (background) ৰাখিব নালাগে যাতে আখৰবােৰ স্পষ্টকৈ বােধগম্য হয়। ৭। কম্পিউটাৰ ব্যৱহাৰৰ সময়ত নির্দিষ্ট সময়ৰ ব্যৱধানত চকুহালক জিৰণি দিব লাগে। প্রত্যেক ৩০ মিনিটৰ মূৰে মূৰে ৩০ চেকেণ্ডৰ কাৰণে চকুহাল জপাই ৰাখিব লাগে। তাৰােপৰি প্রত্যেক ২০ মিনিটৰ মূৰে মূৰে প্রায় ২০ ফুট দূৰত্বৰ যিকোনাে বস্তু এটা ২০ চেকেণ্ড। চকুযুৰি হৈছে আমাৰ শৰীৰৰ এটি অতি গুৰুত্বপূৰ্ণ আৰু আৱশ্যকীয় অংগ। চকুৰ দ্বাৰাই আমি এই মনােমােহা পৃথিবীখন উপভােগ কৰিব পাৰাে। চকু হালক মনৰ দাপােন বুলিও কোৱা হয়। আমাৰ মনটো বা মগজুৱে যি চিন্তা ভাৱনা কৰে তাৰেই প্রতিচ্ছবি চকুত প্রতিফলিত হয়। চকুৰে যিকোনাে এটা বস্তু বা দৃশ্য দেখাৰ পিছত তাৰ সংকেত মগজুলৈ যায় 40-75 cm min 200 90-100 72-75 cm 38-55 cm ৬৪