পৃষ্ঠা:Su swasthyar aadhar.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কম্পিউটাৰ ভিজন চিনড্রম (Computer Vision Syndrome) সাম্প্রতিক সময়ত কম্পিউটাৰ আৰু এন্দ্রইড মােবাইল ফোনৰ ব্যৱহাৰ অতি দ্রুতগতিত বৃদ্ধি পাইছে। আধুনিক পৃথিবীত প্রায় সকলাে মানুহে ই কম্পিউটাৰৰ লগত জড়িত হ'ব লগা হয়। কিছুমান মানুহে চাকৰি বা ব্যৱসায় সংক্রান্তীয় কামত দিনটোৰ ১০ৰ পৰা ১২ ঘণ্টালৈ কম্পিউটাৰ ব্যৱহাৰ কৰিব লগা হয়। ইয়াৰ ভিতৰত বেংকৰ কৰ্মচাৰী, বিভিন্ন কল চেণ্টাৰত কাম কৰা লােক, চিকিৎসালয় বা হােটেলৰ কৰ্মচাৰী ইত্যাদি উল্লেখযােগ্য। তাৰােপৰি বিভিন্ন লােকে বিনােদনৰ আহিলা হিচাপেও কম্পিউটাৰ বা এন্দ্রইড ফোন ব্যৱহাৰ কৰে। দীর্ঘ সময়ৰ বাবে কম্পিউটাৰ বা এন্দ্রইড ফোন ব্যৱহাৰৰ ফলত ইয়াৰ পৰা নির্গত ৰশ্মিয়ে চকুত বিভিন্ন ধৰণৰ বিসংগতিৰ জন্ম দিয়ে। ইয়াৰ ফলত দেখা দিয়া উপসর্গ সমূহক কম্পিউটাৰ ভিজন চি ন ড্রম (Computer Vision Syndrome) বুলি কোৱা হয় । শেহতীয়াভাবে এইবিধ ৰােগৰ প্রাদুর্ভাৱ অতি বেছিকৈ বৃদ্ধি পােৱা দেখা গৈছে। এই ৰােগত দেখা মুখ্য লক্ষণ সমূহ তলত উল্লেখ কৰা ধৰণৰ - মূৰৰ বিষ, চকুৰ পানীৰ পৰিমাণ কমি যােৱা (Dryness), চকু ৰঙা পৰা (Redness), চকুহাল ভাগৰুৱা আৰু গধুৰ অনুভৱ কৰা (Tiredness and heaviness) 69 26- 2018 7 (Foreign body sensation) চকুৰ দৃষ্টি শক্তি ব্যাহত (Refrective Error) ইত্যাদি। উপৰােক্ত লক্ষণ সমূহ মূলতঃ চকুৰ পানীৰ পৰিমাণ কমি যােৱাৰ ফলত দেখা পােৱা যায়। বহুত সময় একেৰাহে কম্পিউটাৰ ব্যৱহাৰ কৰিলে কম্পিউটাৰ মণিটৰৰ পৰা নিৰ্গত হােৱা পােহৰৰ ৰশ্মিয়ে চকুত থকা পানীসমূহ সােনকালে বাস্পীকৰণ কৰে। তাৰােপৰি কম্পিউটাৰ ব্যৱহাৰৰ সময়ত আমি চকুৰ টিপ (Blinking) মাৰিবলৈ পাহৰি যাওঁ। চকুৰ পতাৰ গতি কমি যােৱাৰ ফলত চকুৰ পানী সমূহ সমভাবে বিয়পি পৰাত বাধাগ্রস্ত হয়। সাধাৰণতে মানুহে প্রতি মিনিটত ১৪ ৰ পৰা ১৮ বাৰলৈ চকুৰ Blink কৰে কিন্তু কম্পিউটাৰ ব্যৱহাৰৰ সময়ত ৮ ৰ পৰা ১০ লৈ হ্রাস পায়। ফলত চকুৰ আদ্রর্তা