পৃষ্ঠা:Su swasthyar aadhar.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অধ্যয়ন কৰি বিধান দিলে সােনকালে সফলতা লাভ কৰা যায়। আয়ুর্বেদৰ দৃষ্টিত মন বা মানসিক বিকাৰৰ কিছুমান কাৰণ পর্যালােচনা কৰিলে নিম্নলিখিত কাৰণবােৰ কাৰক হিচাপে গ্ৰহণ কৰা যায়।

  • মানসিক স্থিতিৰ ওপৰত নিৰ্ভৰ কৰি

মানুহ তিনিবিধ প্রধান শ্রেণীত ভাগ কৰা হৈছে। সেয়া হ’ল সাত্বিক মন, ৰাজসিক মন আৰু তামসিক মনৰ অধিকাৰী।

  • মানসিক ৰােগৰ লগত ৰাজসিক আৰু

তামসিক মনৰ ব্যক্তিৰহে সম্পর্ক দেখা যায়। ৰাজ সিক মনৰ মানুহবােৰৰ সাধাৰণতে দুখী স্বভাৱৰ আৰু চঞ্চল হয়। তেওঁলােকৰ অহংকাৰ, মিছা কোৱাৰ প্রৱণতা, অধৈর্যতা, নির্দয়তা আৰু পাষণ্ড প্রবৃত্তি বেছি হয়। এনে মানুহ সাধাৰণতে অতিবেছি কামুক, ক্রোধী আৰু আনৰ পৰা মান সম্মান পাবলৈ। ব্যগ্ৰ হৈ থাকে।

  • আনহাতে তামসিক মনৰ ব্যক্তি সকল

সকলাে সময়তে শােক অনুভৱ কৰি থকা, নাস্তিক, অধার্মিক, বুদ্ধিহীন, অজ্ঞানী, এলেহুৱা অকর্মন্য আৰু নিদ্রালু স্বভাৱৰ হয়।

  • এনেকুৱা দুয়ােধৰণৰ স্বভাৱ সম্পন্ন

ব্যক্তি সাধাৰণতে মানসিক ৰােগত আক্রান্ত হােৱাৰ সম্ভাৱনীয়তা বেছি।

  • মনে বিচৰা (ইষ্ট) বস্তু লাভ কৰিব

নােৱাৰিলে বা হঠাৎ অবাঞ্চিত অনিষ্টকাৰক ঘটনা জীৱনত ঘটিলে মানসিক ৰােগৰ চিকাৰ হ'ব পাৰে

  • পঞ্চজ্ঞানেন্দ্ৰিয়ৰ সঠিক উপযােগ

ন’হলে মানসিক ৰােগৰ উৎপত্তি হ'ব পাৰে। আয়ুর্বেদত ইয়াক অতিযােগ, অযােগ আৰু মিথ্যাযােগ বুলি বর্ণনা কৰা হৈছে। উদাহৰণস্বৰূপে হঠাৎ অতি উচ্চস্বৰত শব্দ শুনা, অপ্রিয় বা দুখজনক শব্দ শুনা, অতি ভয়ংকৰ বা বীভৎস দৃশ্য দেখা, মিঠা টেঙা আদি ৰসৰ অত্যাধিক সেৱন কৰা বা অহিতকৰ দ্ৰব্য ভক্ষণ কৰা ইত্যাদি।

  • বুদ্ধি, ধৃতি আৰু স্মৃতি ভ্রষ্ট হলে মানুহে

শাৰীৰিকআৰুমানসিক স্বাস্থ্য বিকৃত হব পৰা বিভিন্ন অশুভ কর্মত ব্ৰতী হয়। অত্যাধিকউষ্ণ, তীক্ষ্ম, ৰুক্ষ আৰুবিদাহী (শৰীৰত জলন উৎপন্ন কৰিব পৰা) গুণ যুক্ত ভােজন, মলিন, বিকৃত আৰু দুষিত অন্ন গ্রহণ কৰা, বিৰুদ্ধ ভােজন (একেলগে কেবিধােবিপৰীত গুণবা স্বভাৱৰ খাদ্য গ্রহণ কৰা) আদিও মানসিক ৰােগৰ কাৰক। আনৰ প্রতি হিংসা কৰা, চোৰ কৰা, অত্যাধিক, শাৰীৰিক আৰু মানসিকপৰিশ্ৰম, আনৰ ধনৰ প্রতি লালসা কৰা পৰনিন্দা কৰা আদি কামবােৰে মানসিক বেগ উৎপত্তিতঅৰিহনা যােগায়।

  • বিষাদ, অসহনশীলতা, মােহ,

অতিকাম ভাৱ, উদ্বেগ, গৌৰৱ, লােভ, আৱেগ, গ্লানি, শংকা, লজ্যা- বােধ কৰা, উগ্রতা, আদি মানসিক ভাৱবােৰৰ বাবে মন ক্ষুব্ধ হৈ পৰে আৰু ৰজ আৰু তম দোষ বৃদ্ধি কৰি নানান প্রকাৰৰ মানসিক ৰােগ সৃষ্টিত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে।