পৃষ্ঠা:Su swasthyar aadhar.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মানসিক ৰােগ আৰু ইয়াৰ প্রতিকাৰ শাৰীৰিক আৰু মানসিক ৰােগ ইটো আনটোৰ ওপৰত নিৰ্ভৰশীল। মানসিক বিকৃতিৰ বাবে শৰীৰততা ৰােগ সৃষ্টি হয়। অত্যাধিক ক্রোধ, চিন্তা, ভয়, শােক আদিৰ ফলত নানা ধৰণৰ শাৰীৰিক আৰু মানসিক বিকৃতিয়ে দেখা দিয়ে। আয়ুর্বেদ শাস্ত্ৰত মনটোক জ্ঞান লাভৰ সাধন হিচাপেগণ্য কৰা হৈছে। মানুহৰ চিন্তা সুখ, দুখ, ইচ্ছা, দ্বেষ, ক্রোধ, মােহ আদি সকলাে নিৰ্ভৰ কৰে মনৰ ওপৰত। সুস্বাস্থ্য প্রাপ্তি হ'বলৈ মানসিক স্বাস্থ্যৰে সমৃদ্ধ হােৱাটো অতি জৰুৰী। সেয়েহে আয়ুর্বেদত শাৰীৰিক আৰু মানসিক অধিস্থান হিচাপে জ্ঞান কৰি দুই ধৰণৰ ৰােগ বর্ণনা কৰা হৈছে। শাৰীৰিক আৰু মানসিক ৰােগ ইটো আনটোৰ ওপৰত নিৰ্ভৰশীল। মানসিক বিকৃতিৰ বাবেশৰীৰতাে ৰােগ সৃষ্টি হয়। মন সুস্থ থাকিলে হৃৎপিণ্ডৰ গতি, উশাহ-নিশাহ, আহাৰৰ পাচন প্রক্রিয়া আদিসমূহ স্বাভাৱিকভাৱে চলি থাকে। অত্যাধিক ক্রোধ, চিন্তা, ভয়, শােক আদিৰ ফলত নানা ধৰণৰ শাৰীৰিক বিকৃতিয়ে দেখা দিয়ে। সেয়েহেযিকোনাে শাৰীৰিক ৰােগৰ চিকিৎসা কৰােতেও ৰােগীৰ মানসিক অৱস্থা