পৃষ্ঠা:Su swasthyar aadhar.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাচপতি ও আৰথৰাইটিছ, ৰক্তপিত্ত, পেটৰ বিভিন্ন সমস্যাত উপকাৰী। কদৈ টেঙা ওই এবিধ থলুৱা গৌণ ফল। সংস্কৃত নাম কামৰাঙ্গা। জণ্ডিচ ৰােগত পকা কদৈ জুইত পুৰি খালে সুফল পােৱা যায়। ইয়াৰ উপৰিও অর্শ ৰােগ, কলেষ্টৰেল সমস্যা, কফৰ সমস্যাতাে উপকাৰী। লিচু ও শক্তিদায়ক লিচুৱে দেহৰ ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধি কৰে, উচ্চ ৰক্তচাপ, দাঁতৰ আলুৰ সমস্যা আদিত উপকাৰী। কপালফুটা ঃ ফলতাে দেখাত কণ বিলাহীৰ দৰে। এই ফল কৌষ্ঠকাঠিন্য, প্রস্রাৱৰ সমস্যা, গাঁঠিৰ বিষত উপকাৰী। আৰু বহুতাে ফল আছে যিবােৰ লুপ্তপ্রায় হৈ পৰিছে। কীটনাশক দিয়া বজাৰৰ ফলমূলতকৈ বহুগুণে উপকাৰী এইবােৰ থলুৱা ফল। নিৰােগী হৈ থাকিবলৈ হ'লে আমি এইবােৰ ফলমূল আদৰি লােৱা উচিত। ৰহদৈঃৰহদৈৰ গুণ কদৈৰ সৈতে একে। এন্টিঅক্সিডেন্ট, ভিটামিন যুক্ত ৰহদৈ পেটৰ সমস্যাত উপকাৰী।