পৃষ্ঠা:Su swasthyar aadhar.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নৰ বগৰী ঃ নৰা বগৰী সুস্বাদু আৰু ভিটামিন চি, ভিটামিন ই, ভিটামিন বি কমক্সে আৰু বহু এন্টিঅক্সিডেন্টেৰে ভৰপূৰ। জাম, জেলী বনােৱাত নৰা বগৰী ব্যৱহাৰ হয়। অর্শ ৰােগীয়ে নৰা বগৰী সেৱন কৰিলে বহুখিনি উপশম লাভ কৰে। ই মুত্রজনন আৰু মেদবহুলতা সমস্যাতাে উপকাৰী। আহােম বগৰী ঃ এইবিধ বগৰীও খাবলৈ জুতি লগা হয়। জাম, জেলী বনােৱাত ব্যৱহাৰ হােৱা এবিধ থলুৱা ফল। বিভিন্ন ঔষধি গুণ থকা আহােম বগৰীৰুচিকাৰক, পাচন কাৰ্য্যত সহায় কৰে, মেদবহুলতা, কলেষ্টৰেল, উচ্চ ৰক্তচাপ আদি উপকাৰী, শৰীৰৰ ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধি কৰে। বনপিঠা ঃ এইবিধ ফল দুষ্প্রাপ্য হােৱাৰ দৰে হৈছে। কফজনিত সমস্যাত ই অতি উপকাৰী। জেতুলিপকা ঃ এইবিধ থলুৱা ফলাে প্রায় দুষ্প্রাপ্যৰ দৰে। ৰবাব টেঙা ও আঘােণ মহীয়া ৰ'দত পকা ৰবাব টেঙা গৰম হ'বলৈ দি কলপাতত ফুতিয়াই লৈ নিমখ, জলকীয়া দি খােৱা পৰম্পৰা এতিয়াও প্রচলিত। ৰবাব টেঙাৰ কৃমিনাশক গুণ আছে বাবে সৰু সৰু ল'ৰা- ছােৱালীক খাবলৈ দিয়া উচিত। ই হজম শক্তি বৃদ্ধি কৰে, ভােক বঢ়াই। এইবিধ টেঙা ডায়েবেটিছ ৰােগীৰ বাবেও পথ্য। ভিটামিন, এন্টিঅক্সিডেণ্ড থকা বাবে জ্বৰ, কাহ, দর্দি আদিৰ পৰা আমাক বচাই ৰাখে। ৫০