পৃষ্ঠা:Su swasthyar aadhar.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


 ৰাষ্ট্ৰীয় ‘আয়ুস’ মিছন অসম শাখাৰ সৌজন্যত ‘সু-স্বাস্থ্যৰ আধাৰ' শীৰ্ষক এখন স্বাস্থ্য সম্পৰ্কীয় তথ্য সম্বলিত গ্ৰন্থ প্ৰকাশৰ ব্যৱস্থা কৰা বুলি জানিবলৈ পাই নথৈ আনন্দিত হৈছে। ৰাজ্যখনত ‘আয়ুস’ৰ চিকিৎসা ব্যৱস্থা আৰু প্ৰণালী তথা ঔষধৰ প্ৰসাৰৰ বাবে ‘আয়ুস’ৰ অসম শাখাই বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে। ইয়াৰ অংশ হিচাপে প্ৰকাশ কৰিবলৈ লোৱা ‘সু-স্বাস্থ্যৰ আধাৰ স্বাস্থ্য আৰু চিকিৎসাৰ বিভিন্ন তথ্য সম্বলিত পুথিখনিয়ে নিশ্চিতভাবে আটাইকে উপকৃত কৰিব।


 ৰাজ্যিক ‘আয়ুস' সমাজৰ প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।


(পীযুষ হাজৰীকা)