পৃষ্ঠা:Su swasthyar aadhar.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অমিতাঃ কেঁচা আৰু পকা অমিতা দুয়ােটা শৰীৰৰ বাবে উপকাৰী। ভিটামিন এ থকা বাবে দৃষ্টিশক্তিৰ বাবে ভাল। কলেষ্ট্ৰৰলৰ সমস্যা, কৃমি, গাঁঠিৰ বিষতাে অমিতা উপকাৰী। কেঁচা অমিতাৰ চবজি নিয়মীয়াকৈ খালে ৰােগীয়ে যথেষ্ট সকাহ পায়। সৌন্দর্য বর্ধনত বাহ্যিক বা আভ্যন্তৰীন দুয়াে ধৰণে উপকাৰী। কলাজামু ও কলাজামু স্বার্থবৰ্দ্ধক, পেটৰ বিভিন্ন ৰােগত উপকাৰী। ক’লা জামুৰ গুটি শুকুৱাই গুৰি কৰি মাজে মাজে সেৱন কৰিলে মধুমেহ ৰােগ নিয়ন্ত্রণ হয়। আতলাছ ও আতলাছ অতি সুস্বাদু ফল। সংস্কৃতত ৰামফল বুলিও কোৱা হয় আৰু ইংৰাজীত ইয়াক কাষ্টৰড এপল বুলি কোৱা হয়। ইয়াৰ পৰা কাষ্টৰড় পাউদাৰ বনােৱা হয় যি বহুতাে ব্যঞ্জনত ব্যৱহাৰ হয়। ই কৃমিনাশক, গ্রহনী ৰােগত উপকাৰী। প্রটিন, ভিটামিন, এণ্টি অক্সিডেন্ট, যকৃত, আতলাছ শক্তিবর্ধক, আৰথৰাইটিছ, ৰক্তহীনতা, হাইপাৰ- থাইৰয়ডিজম সমস্যাত উপকাৰী। থেৰেজু টেঙা ও ই এবিধ টেঙা ফল জাম, জেলী, আচাৰ আদি বনােৱাত ব্যৱহাৰ হয়। ভিটামিন চি থকা বাবে শৰীৰৰ বাবে অতি উপকাৰী। ৰক্তহীনতা, পেটৰ বিষ, কৌষ্ঠকাঠিন্য, ছালৰ সমস্যাত উপকাৰী। 8b