পৃষ্ঠা:Su swasthyar aadhar.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২)কণাশিমলু বন কণা শিমলু বদহজম, ধাতু দুর্বলতা, স্ত্রীৰােগত অতি উপকাৰী। নহৰুৰ সৈতে ভাজি খালে বেছি সুফল পােৱা যায়। চকুত আছিনা হলে ইয়াৰ ৰস লগালে সুফল পােৱা যায়। ২৩) হেলচিশাকঃ কৌষ্ঠকাঠিন্য, কলেষ্ট্ৰৰল, মৃগীবােগ, উদৰ ৰােগ, যকৃত ৰােগত উপকাৰী। এইশাকৰ ব্যৱহাৰেচকুৰদৃষ্টি শক্তিবঢ়ায়। ২৪) সৰু টেঙেটি বা চামৈ টেঙা ও সংস্কৃত নাম অম্লিকা। গ্ৰহণী ৰােগত উপকাৰী। ইয়াক ৰুচিবর্ধক হিচাপে বিভিন্ন ব্যঞ্জনত ব্যৱহাৰকৰাহয়। উল্লেখিত ঔষধি গুণযুক্ত এই থলুৱা বন শাকসমূহ বহু ৰােগৰ নিৰাময় তথা পথ্যহিচাপেব্যৱহাৰ কৰা হয়। 88