পৃষ্ঠা:Su swasthyar aadhar.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২) ব্রাহ্মী শাক ও আয়ুর্বেদ মতে ব্রাহ্মীও এবিধ ৰসায়ন অর্থাৎ স্মৃতিশক্তি আৰু মেধা বর্ধক। উচ্চ ৰক্তচাপ, মধুমেহ বা ডায়েবেটিছ ৰােগ, মানসিক অৱসাদ, মৃগী ৰােগত ব্রাহ্মী উপকাৰী। ব্রাহ্মী শাকৰ ৰসৰ লগত মৌ মিহলি খালে সুফল পােৱা যায় নাইবা ঘিত ভাজি খালেও সুফল পােৱাহয়। ৩) সৰু মানিমুনি ও আয়ুর্বেদ শাস্ত্র মতে সৰু মানিমুনি স্মৃতিশক্তি বর্ধক, মেধাবর্ধক ৰসায়ন, গ্রহণী আদি বিভিন্ন ৰােগত উপকাৰী। ক্রনিক ডিচেন্ট্রি সমস্যাত সৰু মানিমুনিৰ ৰস ৰাতিপুৱা খালিপেটত খালে সুফল পােৱা যায়। ৩) ভেদাইলতাবা ভেবেলিলতাঃতীব্র গােন্ধ থকা বাবে ইয়াক পাদুৰিলতা বুলিও কোৱা হয়। আয়ুর্বেদ শাস্ত্র মতে প্ৰসাৰিণী অর্থাৎ ভেদাইলতা আমবাত, সন্ধিবাত, পেৰালাইছিছ, বিভিন্ন স্মায়ুজনীত ৰােগ, ডায়েৰীয়া, ডিচেন্ট্রি আদি বিভিন্ন প্ৰকাৰৰ ৰােগত অতি উপকাৰী। শাস্ত্রীয় ওষধ প্রসাৰণি তৈয়াৰ অন্যতম মুখ্য উপকৰণ এই ভেদাইলতা। পেটৰ বিভিন্ন ৰগােত, লিভাৰক কার্যক্ষম কৰাত, ডােক বৃদ্ধি কৰাত এইবিধ শাকবৰ উপকাৰী। আদা,নহৰু, জালুক দি বনােৱা ভেদাইলতাৰ আঞ্জা বহু ৰােগৰউত্তম পথ্য। Ob