পৃষ্ঠা:Su swasthyar aadhar.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আয়ুর্বেদত পানীৰ ব্যৱহাৰ আয়ুর্বেদৰ মতে আমাৰ শৰীৰ পঞ্চ মহাভূতৰে (বায়ু, আকাশ, অগ্নি, জল আৰু পৃথিৱী) গঠিত। পানী হৈছে জল মহাভূত। সুস্বাস্থ্য অটুট ৰখাৰ বাবে প্রতিদিনে আমাক প্রায় তিনি লিটাৰ খােৱাপানীৰ প্রয়ােজন। পানীক প্রাণ কোৱা হয়। আহাৰ নােখােৱাকৈ থাকিব পাৰি কিন্তু বায়ু আৰু পানী অবিহনে এদিনাে থাকিব নােৱাৰি। সেয়েহেঅষ্টাঙ্গ সংগ্ৰহনামৰ গ্ৰন্থতবৰ্ণনা কৰিছে যে— পানীয়ং প্রাণীনাং প্রাণা বিশ্বমেৱ চ তন্ময়। নহি তােয়াদ্বিনা বৃত্তিঃ স্বস্থস্য ব্যাধিতস্য ৱা।। আয়ুর্বেদিক গ্রন্থ অষ্টাঙ্গ হৃদয়ত উল্লেখ আছে যে— দীপনং পাচনং কণ্ঠয়ং লঘূষং বস্তিশােধনং (১৬) হিধমাধমানানিল ষ্মেসদ্যঃ শুধ্বি নৱজ্বৰে। কাসামপীনস শ্বাসপার্শ্ব চ শস্যত (১৭) আয়ুর্বেদিক শাস্ত্ৰত উল্লেখ আছে যে পুৱা কৰ আধিক্য, দুপৰীয়া পিত্তৰ আধিক্য আৰু ৰাতি বাতৰ আধিক্য থাকে। ৰাতিপুৱা কফৰ আধিক্য থাকে বাবে গৰম পানী বা উষনােদক খাব লাগে। ৰাতিপুৱা সদায় একলিটাৰ কুহুমীয়া পানী খালে পাকস্থলী আৰু খাদ্যনলী পৰিষ্কাৰ হয়। কফদোষ আতৰ হয়। জ্বৰ, কণ্ঠ ৰােগ, কাহ, নাকৰ পৰা পানী ওলােৱা, বুকু আৰু পার্শ্ব বিষ ভাল হয়। যকৃত, কিডনী, অগ্নাশয়, থায়ৰইড আদি গ্রন্থি অধিক সক্রিয় হয়। হজম শক্তি বৃদ্ধি পায় আৰু বিপাক ভালদৰে হয়। গেষ্ট্ৰাইটিচ আদি কৰি পেটৰ ৰােগ ভাল হয়। শৌচ-পেচাব নিয়মীয়া হােৱাৰ উপৰিও শৰীৰ শােধন হয়। সেয়েহে নিৰােগী আৰু সু-স্বাস্থ্যৰ অধিকাৰী হৈ দীর্ঘায়ু প্রাপ্তিৰ বাবে সদায় ৰাতিপুৱা কুহুমীয়া গৰম পানী কমেও এক লিটাৰ খাওঁক। আহাৰৰ লগত পানীৰ সম্পৰ্কঃ অষ্টাঙ্গ হৃদয়ত উল্লেখ আছে যে— সমসথুলকৃষা ভূক্তমধ্যান্ত প্রথমাম্বুপাঃ আহাৰ খােৱাৰ আগতে পানী খালে শৰীৰ ক্ষীণ হয়। ভাতৰ লগত অলপ পানী খালে শৰীৰ স্বাভাৱিক অৱস্থানত থাকে আৰু আহাৰ খােৱাৰ পিছত (এঘণ্টাৰ পিছত) পানী খালে স্বাস্থ্যৰ উন্নতি বা শক্তিশালীহয়। বৃদ্ধ চাণক্য গ্রন্থত বর্ণনা কৰিছে যে— অজীর্ণে ভেষজং বাৰি, জীর্ণে বাৰি বলপ্রদ। ভােজনে চামৃতং বাৰি, ভােজনান্তে বিষপ্ৰদম্।। অজীর্ণতা হৈ থকা সময়ত পানী খালে ঔষধৰ দৰে কাম কৰে, আহাৰ হজম হােৱাৰ পিছতপানীখালে বলশক্তিবাড়ে, আহাৰ খােৱাৰ সময়ত একে দোধােকপানীখাইথাকিলে ৰুচিবাঢ়েআৰুঅমৃতৰ দৰে কাম কৰে, আহাৰ খাই লগে লগেইপানীখালে বিষতুল্য হয়।