পৃষ্ঠা:Su swasthyar aadhar.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত) মধুৰি আম পাতৰ ৰস ঃ ইয়াক অনুপান হিচাপে ব্যৱহাৰ কৰিলে গ্ৰহনী বা অন্ত শােথ বা পেট ফুলা আদিৰ নির্মূল হয়। জ) গুডচি/অমৰলতা ঃ ইয়াৰ স্বৰস ভাইৰেল জ্বৰ, বিভিন্ন ধৰণৰ জীৱাণু জনিত জ্বৰ, ফ্লু, ৰক্ত শােধক, সুস্বাস্থ্য বর্ধক পিড়া নাসক, কেন্সাৰ, স্বাস জনীত ৰােগ নাশক, মেদ বৃদ্ধি আদিত অনুপান হিচাপে সুফল লাভ কৰিব পাৰি। থ) আদ্রক ৰসঃ এই ৰসে বিষ, অজীর্ণ, জ্বৰ, কাহ, সন্ধি বিষ আদিত ভৈষয্য বা ধাতু ঔষধিৰ লগত অনুপান হিচাপে ব্যৱহাৰ কৰিলে দ্রুত সুফল পােৱা যায়। ঝ) ত্রিফলা ঃ ত্রিফলা ক্কাথ অনুপান হিচাপে ব্যৱহাৰ কৰিলে লৌহ ভস্ম আদিৰ পার্শ্বক্রিয়া নােহােৱা হয়। ড) মানিমুনিৰ ৰস ঃ ইয়াক অনুপান হিচাপে ব্যৱহাৰ কৰিলে জ্বৰ, বিভিন্ন পেটৰ বিষ, মস্তিস্ক বিকাৰ, বিভিন্ন বৃদ্ধা অৱস্থাত হােৱাক্ষয় আদিত সুফল পােৱা যায়। এ) বাচক ৰস ঃ বাচক বা বাহাকা তিতা পাতৰ ৰস অনুপান হিচাপে ব্যৱহাৰ কৰিলে কৃমি, কাহ, চর্দি, মধুমেহ আদিত সুফল পােৱা যায়। এনেদৰে ৰােগ অনুযায়ী বিভিন্ন প্রকাৰৰ আয়ুর্বেদিক ঔষধৰ লগত নির্দিষ্ট অনুপান ব্যৱহাৰ কৰিলে ৰােগীৰ দেহত সুফল পূর্ণমাত্ৰাত পাব পাৰি -