পৃষ্ঠা:Su swasthyar aadhar.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২। পৰিহাৰ বিৰুদ্ধ ও মাংস খােৱাৰ পিছত কোনাে গৰম খাদ্য সেৱন কৰা আৰু ঘি সেৱনৰ পিছত কোনাে ঠাণ্ডা বস্তুৰ সেৱন পৰিহাৰ বিৰুদ্ধ। ১৩। উপচাৰ বিৰুদ্ধ ও ঘি সেৱনৰ পিছত ঠাণ্ডা পানী বা ঠাণ্ডা খাদ্য খােৱাটো উপচাৰ বিৰুদ্ধ বুলি কোৱা হয়। ১৪। পাক বিৰুদ্ধ ও পচি যােৱা বা দুর্গন্ধযুক্ত খাদ্য, আধা সিজা, পুৰি যােৱাবা বেছিকৈ সিজোৱা খাদ্য সেৱন কৰাটো পাক বিৰুদ্ধ। ১৭। সম্পট বিৰুদ্ধ ও কোনাে খাদ্য বা ফলমুল বা শাক পাচলি ভালদৰে পুৰঠ নােহােৱাকৈ বা বেছিকৈ পুৰঠ হলে বা গেলা পচা খাদ্যত ইয়াৰ প্ৰকৃত গুণাগুণৰ অভাৱ পৰিলক্ষিত হয়। ফলত এই খাদ্য পদার্থ স্বাস্থ্য সম্মত নহয়। গতিকে ইয়াক বিৰুদ্ধ আহাৰ বুলি কোৱা হয়। ১৮। বিধি বিৰুদ্ধ ও আয়ুর্বেদত খাদ্য সেৱনৰ বিভিন্ন নিয়মাৱলীৰ বিষয়ে কোৱা আছে। সেই নিয়মাৱলীপালন নকৰি খাদ্য সেৱন কৰাটোও বিধি বিৰুদ্ধ বুলি কোৱা হয়। যেনে- কোনাে ৰাজহুৱা স্থানত লেতেৰা পৰিৱেশত খাদ্য গ্রহণ কৰা। ১৫। সংযােগ বিৰুদ্ধ ঃ গাখীৰৰ লগত টেঙা বস্তুৰ সেৱন বা গাখীৰৰ লগত টেঙা মিহলাই খােৱাটো সংযােগ বিৰুদ্ধ। ইয়াৰ ফলত ছালৰ বিভিন্ন বেমাৰ যেনে - চৰিয়াচিচ ইত্যাদি হ’বপাৰে। ১৬। হৃদ্য বিৰুদ্ধ ঃ যি খাদ্য খাই মানুহ এজনে সােৱাদ নাপায়, সুস্বাদু নহয়, মনে নিবিচৰা খাদ্য সেৱন কৰাটোও হানিকাৰক হয়। এনে খাদ্য খােৱাৰ ফলত শৰীৰত খাদ্যৰ সুপ্ৰভাৱ পােৱা নাযায় আৰু কেতিয়াবা বমি বা অৰুচিৰ সৃষ্টি হ'ব পাৰে। বিৰুদ্ধ আহাৰৰ কেইটামান উদাহৰণ তলত উল্লেখ কৰা হ'ল- ১। গাখীৰৰ লগত নাৰিকল, মাংস, মাটি মাঁহ, ডাইল আৰু শাক পাচলি খালে আমাৰ হজমশক্তি বাধাগ্রস্থ হয়। ২। ফলমূলক সদায় সূকীয়া খাদ্য বস্তু হিচাবে খাব লাগে। ৩। দৈ ৰাতি সেৱন আৰু গৰম কৰি খােৱাতাে ক্ষতিকাৰক। ৪। মৌ গৰম কৰি খালে ইবিষতুল্য হয়। ৫। নেমুটেঙাৰ লগত গাখীৰ, তিয়হ আৰু বিলাহী খালে hyperacidity হয়। সেয়েহে ইয়াক ত্যাগ কৰা উচিত। ৩১