পৃষ্ঠা:Su swasthyar aadhar.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে



শুভেচ্ছাবাণী


 ৰাজ্যিক আয়ুস ছ'চাইটি, অসমে জনসাধাৰণক স্বাস্থ্য সম্বন্ধীয় বিভিন্ন তথ্য যোগানৰ উদ্দেশ্যে ‘সু-স্বাস্থ্যৰ আধাৰ নামেৰে এখনি পুস্তিকা প্ৰকাশৰ উদ্যোগ লৈছে বুলি জানিব পাই অতিকৈ আনন্দিত হৈছো আৰু এনে উদ্যোগৰ শলাগ লৈছো।

 সু-স্বাস্থ্যকেই সুখৰ আধাৰ বুলি কোৱা হয়। জাতিৰ পিতা মহাত্মা গান্ধীয়েও সোণ আৰু ৰূপৰ পৰিৱৰ্তে স্বাস্থ্যহে প্ৰকৃত সম্পদ বুলি অভিহিত কৰিছিল। জনসাধাৰণৰ জীৱনত প্ৰত্যক্ষ প্ৰভাৱ বিস্তাৰ কৰা স্বাস্থ্য খণ্ডটিৰ প্ৰতি ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰি স্বাস্থ্য সেৱাৰ উৎকৰ্ষতাৰ অৰ্থে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। আশা ৰাখিছো এই পুস্তিকাখনে স্বাস্থ্য সম্বন্ধীয় বিভিন্ন তথ্য প্ৰদান কৰি জনসাধাৰণক সম্যক জ্ঞান প্ৰদানৰ লগতে স্বাস্থ্য সচেতনতা বৃদ্ধিত অৰিহণা যোগাবলৈ সক্ষম হব।

 সদৌ শেষত পুস্তিকা ‘সু-স্বাস্থ্যৰ আধাৰ'ত সন্নিৱিষ্ট লিখনিসমূহ পঢ়ুৱৈ সমাজৰ দ্বাৰা সমাদৃত হ'ব বুলি আশা প্ৰকাশ কৰিলো।


(ড° হিমন্ত বিশ্ব শৰ্মা)