পৃষ্ঠা:Su swasthyar aadhar.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰুদ্ধ আহাৰ (INCOMPATIBLE DIET) আয়ুর্বেদত উল্লেখ মতে যি আহাৰ বা আহাৰৰ মিশ্রণ সেৱন কৰাৰ ফলত শৰীৰত তাৰ কু-প্রভাৱ পৰে আৰু শৰীৰ বর্ধনত বাধাৰ সৃষ্টি কৰে বা শৰীৰৰ কোষবিলাকৰ পােষণৰ অনুকূল ক্রিয়া কৰে, তেনেহলে সেই আহাৰ বিৰুদ্ধ আহাৰ বুলি কোৱা হয়। আমাৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশৰ বাবে আহাৰ সেৱন কৰাটো অপৰিহাৰ্য্য। আয়ুর্বেদত কিছুমান আহাৰৰ মিশ্রণ, ইহঁতৰ সোঁৱাদ,বীর্য,খােৱা সময়, স্বাস্থ্যৰ অৱস্থা, খাদ্য গ্রহণ কৰা স্থান, শৰীৰৰ প্রকৃতি, পাচন শক্তি, ৰন্ধন প্রণালী, পৰিমাণ, সেৱন বিধিৰ সঠিকভাৱে পালন নকৰিলে শৰীৰৰ বাবে হানিকাৰক বা দৈনন্দিন জীৱনত আমি কিছু মান আহৰ খােৱাৰ নিয়মাৱলীনজনাকৈ সেৱন কৰি আছাে। ফলশ্রুতিত প্ৰায়েই আমি নানান ধৰণৰ বেমাৰৰ দ্বাৰা। আক্রান্ত হ ও তাৰে ভিতৰত hyperacidity, Irritable bowel syndrome এলার্জী, বিভিন্ন চর্মৰােগ আদিয়েই প্রধান। এই বেমাৰ বিলাকৰ কাৰণবিলাক চালিজাৰি চালে আমাৰ সম্মুখত মুখ্যতঃ অত্যাধিক মানসিক চাপ, অশুদ্ধ জীৱনশৈলী, বিৰুদ্ধ আহাৰ এইকেইটা কথায়ে মনলৈ আহে। ২৮