অথবা দীর্ঘায়ুৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়ে বল, বীৰ্য্য, কান্তি, মহিলাৰ জৰায়ুৰ ব্যাধি, নুপুংশকতা, হৃদৰােগ, অস্থিৰােগ আদি বহুতাে ৰােগ দূৰ কৰে। ৩) তা অথবা তাম ধাতু ও আয়ুর্বেদিক ৰস শাস্ত্ৰৰ নির্দেশ মতে তাভষ্ম। {ash of copper) তৈয়াৰ কৰি ৰােগ নির্মূলৰ বাবে উচিত মাত্ৰাত ব্যৱহাৰ কৰিলে উপকাৰ হয়। ই আজি কালি কৰা জন্তু অনুসন্ধান (animal experiment) ত বাৰুকৈয়ে প্রতিষ্ঠিত হৈছে। এই তাভষ্মই মানুহৰ যকৃত, ৰক্তগত ব্যাধি, হৃদৰােগ, সন্ধিৰােগ, ধাতু দৌর্বল্য আদি ৰােগৰ উপশম ঘটায়। ৪) লৌহ বা লােহা ঃ লৌহ বা লােহা ধাতু যদিও পুৰণি কলিয়া কিন্তু আধুনিক বিজ্ঞানেও ইয়াক প্ৰয়ােগ কৰি আহিছে। কিন্তু আয়ুর্বেদিক শাস্ত্র পদ্ধতিৰে ইয়াক ভষ্মৰূপে আহৰণ কৰি প্রয়ােগ কৰিলে ইয়াৰ পার্শ্বক্রিয়া অতি নগন্য। ইয়াক ৰক্তজ বিকাৰ, চৰ্মৰােগ, সন্ধিৰােগ, আদি অনেক প্রকাৰ ৰােগত ব্যৱহাৰ কৰা হয়। ৫) যশদ, টিন, সিহ আৰু অন্যান্য মিশ্র ধাতু : এইবােৰ ধাতুকো শাস্ত্রীয় পদ্ধতিৰে ভষ্ম বনাই মৌৰ লগত ধাতুক্ষয়, জ্বৰ, কাহ, শ্বাস, বিষ, দৌর্বল্য, স্নায়বিক দৌর্বল্য আদি অনেক সমস্যাত ব্যৱহত হৈ আহিছে। বৈজ্ঞানিক সমীক্ষাত ধাতুৰ মিশ্রণ বা ধাতু ঔষধি মানৱ কল্যাণৰ এক অধিক প্রয়ােজনীয় চিকিৎসা বুলি বিবেচিত হৈছে। ইয়াক প্রকৃত শাস্ত্রীয় নির্দেশনাৰে প্ৰস্তুত কৰি সঠিক ভাৱে প্ৰয়ােগ কৰিলে মানৱ জগতৰ মঙ্গল সুনিশ্চিত। WAR ২৭