পৃষ্ঠা:Su swasthyar aadhar.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আদান কাল (উত্তৰায়ন) ঃ শীত, বসন্ত আৰু গ্ৰীষ্ম ঋতু অর্থাৎ জানুৱাৰী মাহৰ ১৫ পৰা জুন মাহৰ ১৫ তাৰিখলৈ এই সময়ছােৱাক আদান কাল বুলি কোৱা হয়। সাধাৰণতে এই কালত শৰীৰৰ শক্তি হ্রাস হয়। আদান কালত সূৰ্য্যৰ অধিক প্ৰখৰ হয় আৰু শুকান বতাহৰ বাবে পৃথিৱীৰ জলবায়ুৰ লগতে মানৱ দেহতাে দোষৰ তাৰতম্য ঘটি শৰীৰৰ বল (Immunity) কমি যােৱা দেখা যায়। স্নান (Bath)ঃ শৰীৰ মালিছ কৰাৰ পিছত স্নান কৰিব লাগে। স্নানৰ দ্বাৰা শৰীৰৰ বেয়া গােন্ধ দূৰ হয়, ভাগৰুৱা ভাৱ আঁতৰাই লগতে শৰীৰ আৰু মন বিশুদ্ধ হয়। গম পানীৰ দ্বাৰা স্নান কৰিলে কফ আৰু বাত প্রশমন হয় লগতে বিভিন্ন প্ৰকাৰৰ বিষ উপশম কৰে। ঠাণ্ডা পানীৰে স্নান কৰিলে শৰীৰলৈ শিতলতা আৰু স্নিগ্ধতা আহে। স্নান কৰাৰ পিছত চন্দনাদি সুগন্ধি দ্রব্যৰ প্রলেপ শৰীৰত ব্যৱহাৰ কৰিলে দুর্গন্ধতা নাশ হয়। ঋতুচৰ্যাঃ ঋতুচৰ্য্যা হ’ল ঋতু অনুসৰি স্বাস্থ্যৰ বাবে উপযােগী আহাৰ আৰু বিহাৰৰ (Diet & Regiment) নিদান। ঋতু অনুসৰি শীত, উষ, বৰষুণ আদিৰ বাবে সলনি হােৱা জলবায়ুৰ বাবে মানৱ দেহতাে ত্রিদোষৰ তাৰতম্য ঘটে। ইয়াৰ ফলত নানা ধৰণৰ ব্যাধিৰ আগমন হয়। এই ব্যাধিক প্রতিৰােধ কৰিবলৈ যি আহাৰ আৰু বিহাৰৰ কথা উল্লেখ আছে তাকেই ঋতুচৰ্য্যা বােলা হয়। দক্ষিণায়ন (বিসর্গকাল) বর্ষা শৰৎ হেমন্ত বিসর্গ কাল (দক্ষিনায়ণ)- বর্ষা, শৰৎ আৰু হেমন্ত ঋতু অর্থাৎ ১৬ জুনৰ পৰা ১৪ জানুৱাৰীলৈ এই সময়ছােৱাক বিসর্গ কাল বােলে। বিসর্গ কালত সূৰ্য্যৰ প্রখৰতা লাহে লাহে কমি আহে আৰু চন্দ্ৰৰ প্ৰৱলতা অধিক হয় আৰু জলবায়ু আদ্ৰ হােৱাৰ বাবে মানৱ দেহতাে দোষ। আৰু অগ্নিৰ সমতাৰ ফলত দেহত বল বৃদ্ধি হয়। January 15 - March 15 ঋতুৰ নাম ১। শিশিৰ (শীত) Late winter ২। বসন্ত (Spring) ৩। গ্রীষ্ম ৪। বর্ষা ৫ | শৰং ৬। হেমন্ত বিসর্গ কাল আদান কাল March 15 - May 15 May 15 - June 15 July 15 - September 15 September 15 - November 15 November 15 - January 15 হেমন্ত Hemanta শৰৎ Sarat শিশিৰ Sisira বসন্ত Vasanta গ্রীষ্ম Grishma উত্তৰায়ন (আদান কাল) Northern Solistice বর্ষা Varsa শীত বসন্ত গ্রীষ্ম os