পৃষ্ঠা:Su swasthyar aadhar.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


শুভেচ্ছাবাণী



 ৰাজ্যিক আয়ুষ চ'ছাইটিয়ে আয়ুষ চিকিৎসা পদ্ধতি তথা আয়ুষ ভেষজ ইত্যাদি তথ্য সমূহ সামৰি 'সু-স্বাস্থ্যৰ আধাৰ' নামেৰে স্বাস্থ্য বিষয়ক গ্ৰন্থ এখন অসমীয়া ভাষাত প্ৰকাশৰ বাবে উদ্যোগ লৈছে বুলি জানিবলৈ পাই মই অত্যন্ত সুখী হৈছো।

 অতীজৰে পৰা আমাৰ ভাৰতবৰ্ষত আয়ুৰ্বেদ চিকিৎসা পদ্ধতিকে ধৰি বহু সংখ্যক প্ৰাকৃতিক চিকিৎসা পদ্ধতিয়ে মানুহক সু-স্বাস্থ্য তথা নিৰোগী জীৱন-যাপন কৰাৰ দিশত পথ প্ৰদৰ্শন কৰি আহিছে। ইয়াৰ ভিতৰত আয়ুষ চিকিৎসা পদ্ধতি এক লেখত ল'বলগীয়া বিকল্প চিকিৎসা ব্যৱস্থা। সমগ্ৰ বিশ্বই আজি তথাকথিত আধুনিকতাৰ ধামখুমীয়াত পৰি প্ৰকৃতি পদত্ত চিকিৎসা পদ্ধতি সমূহ অৱলম্বনৰ দিশত অনিহা প্ৰকাশ কৰাটো পৰিলক্ষিত হৈছে যদিও ৰোগৰ প্ৰাদূৰ্ভৱ নিয়ন্ত্ৰণ আৰু ৰোগ মুক্ত নিৰোগী জীৱন-যাপনত ভাৰতীয় চিকিৎসা পদ্ধতিয়ে সমগ্ৰ বিশ্বকে আজিও আকৰ্ষিত কৰি আহিছে। ইয়াৰ জলন্ত উদাহৰণ হিচাপে আমি পশ্চিমীয়া দেশ সমূহত ভাৰত যোগ আৰু প্ৰাকৃতিক চিকিৎসা পদ্ধতি সমূহে শেহতীয়াকৈ লাভ কৰা জনপ্ৰিয়তাৰ কথাকে উনুকিয়াব পৰা যায়। সেয়েহে ৰাজ্যিক আয়ুষ চ'ছাইটিয়ে আয়ুষ চিকিৎসা পদ্ধতিৰ বিষয় সমূহৰ সামৰি এখন তথ্য সমৃদ্ধ গ্ৰন্থ প্ৰকাশ কৰাটো এই দিশত এক আদৰণীয় পদক্ষেপ।

 মই আয়ুষ চিকিৎসা পদ্ধতিৰ ওপৰত অসমীয়া ভাষাত প্ৰকাশ পাবলগীয়া ‘সু-স্বাস্থ্যৰ আধাৰ’ শীৰ্ষক গ্ৰন্থখন সৰ্বত্ৰতে সমাদৃত হ'ব বুলি আশা কৰিলোঁ।