চর্মৰােগ আৰু হােমিঅ'পেথিক চিকিৎসা হােমিঅ'পেথিক চিকিৎসা বিজ্ঞানৰ মতে চর্মৰােগৰ ধাৰণাটো অন্যান্য চিকিৎসা পদ্ধতিতকৈ পার্থক্য আছে। এই চিকিৎসাৰ মতে চর্মৰােগসমূহ যদিও শৰীৰৰ বহিঃভাগ দেখা যায়, কিন্তু আচলতে বহিঃভাগৰ নহয়। আমাৰ শৰীৰৰ অন্তভাগত থকা জীৱনী শক্তিহে প্ৰথমতে আক্রান্ত হয় আৰু এই অন্তর্ভাগৰ ৰােগটো বহিঃভাগত লক্ষণ হিচাপে দেখা দিয়ে। সেয়ে হােমিঅ'পেথিক চিকিৎসা মতে চর্মৰােগক সদায় অন্তর্ভাগৰ ৰােগ হিচাপে গণ্য কৰি চিকিৎসা কৰা হয় আৰু এই ৰােগত কেতিয়াও কোনাে ধৰণৰ মলমবা প্রলেপ দি চিকিৎসা কৰা নহয়।কাৰণ মলম বা বাহিৰত ঔষধ প্রয়ােগৰ দ্বাৰা ৰােগবােৰৰ বাহিৰৰ লক্ষণসমূহ সাময়িকভাৱে নােহােৱা হয় যদিও কিছুদিন পিছত পুনৰ দেখা দিয়ে নতুৱা শৰীৰৰ অন্তর্ভাগলৈ সােমাই গৈ অন্য কোনাে জটিল ৰােগৰ সৃষ্টি কৰে। গতিকে কোনাে ধৰণৰ চর্মৰােগ হােমিঅ'পেথিক চিকিৎসা মতে বাহ্যিক ঔষধ প্রয়ােগ নকৰি খাব দিয়া ঔষধেৰে চিকিৎসা কৰিলেহে আৰােগ্য লাভ কৰে। সেয়ে চর্মৰােগত ভােগা ৰােগীসকলে। অভিজ্ঞ চিকিৎসকৰ পৰামর্শমতে চর্ম ৰােগসমূহৰ চিকিৎসা কৰি আৰােগ্য লাভ কৰিব পাৰে। আনকি বহু পুৰণি আৰু অন্যান্য চিকিৎসা পদ্ধতিৰে আৰােগ্য লাভ নকৰা চর্ম ৰােগও হােমিঅ'পেথিক চিকিৎসাৰে আৰােগ্য কৰিব পৰা যায়।
পৃষ্ঠা:Su swasthyar aadhar.pdf/২৪৫
অৱয়ব