পৃষ্ঠা:Su swasthyar aadhar.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পঞ্চ মহাভূত (আকাশ,বায়ু,জল,অগ্নি আৰু পৃথিৱী), মন আৰু আত্মাৰ দ্বাৰা গঠিত। যেতিয়া এই তত্ত্বসমূহৰ বিভিন্ন কাৰণত ভাৰসাম্যহীনতা হয় তেতিয়া শৰীৰত বিভিন্ন ৰােগৰ আৱিৰ্ভাৱ হয়। আয়ুর্বেদ চিকিৎসাৰ মূল উদ্দেশ্য হ'ল এই তত্ত্বসমূহৰ মাজত ভাৰসাম্য ৰক্ষা ৰােগৰ নিৰাময় কৰা আৰু শৰীৰক নিৰােগী কৰি ৰখা।

  আয়ুর্বেদ চিকিৎসাৰ আনুষ্ঠানিক শিক্ষাৰ প্ৰসাৰ আৰু বিকাশৰ বাবে ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে স্বাধীনােত্তৰ কালৰ পৰাই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আয়ুর্বেদিক শিক্ষানুষ্ঠান তথা চিকিৎসালয় প্রতিষ্ঠা কৰি আহি আছে।তাৰ ভিতৰত ৰাষ্ট্ৰীয় আয়ুর্বেদ প্রতিষ্ঠান, জয়পুৰ, গুজৰাত আয়ুর্বেদ বিশ্ববিদ্যালয়, বেনাৰস হিন্দু বিশ্ববিদ্যালয়, সর্বভাৰতীয় আয়ুর্বেদ প্রতিষ্ঠান, দিল্লী ইত্যাদি প্রধান। তাৰােপৰি বিভিন্ন ৰাজ্যত আয়ুর্বেদ চিকিৎসা মহাবিদ্যালয়, চিকিৎসা কেন্দ্ৰৰ প্ৰতিষ্ঠা হয় । সময়ৰ লগে লগে বিভিন্ন ব্যক্তিগত খণ্ডৰ উদ্যেগতাে বহুতো আয়ুর্বেদিক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসা কেন্দ্রই গঢ় লৈ উঠিছে। তাৰােপৰি কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত বিভিন্ন ৰাজ্যত আয়ুর্বেদ পদ্ধতিৰ গৱেষণাগাৰৰ (Central Council for Research in Ayurveda and Siddha) প্রতিষ্ঠা হয়, লগতে বিভিন্ন ৰাজ্যত সুকীয়াভাৱে ঔষধ পৰীক্ষাগাৰ, ৰাজ্যিক আয়ুর্বেদ ঔষধাগাৰৰ প্রতিষ্ঠা হৈ আছে। এই


আয়ুর্বেদিক চিকিৎসা পদ্ধতিৰ অধিক প্ৰসাৰ আৰু বিকাশৰ স্ৱাৰ্থত ভাৰত চৰকাৰে সুকীয়াভাৱে আয়ুষ অভিযানৰ অন্তৰ্গত বিভিন্ন আচনি ৰূপায়ণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

  আয়ুর্বেদিক চিকিৎসাৰ আনুষ্ঠানিক শিক্ষাৰ মানদ্বণ্ড নিৰূপণৰ কাৰণে ভাৰত চৰকাৰে ১৯৭১ চনত ভাৰতীয় চিকিৎসাৰ কেন্দ্রীয় পৰিষদ (Central Council of Indian Medicine) প্রতিষ্ঠা কৰে। ভাৰতীয় চিকিৎসা কেন্দ্রীয় পৰিষদৰ (Central Council of Indian Medicine) অধীনত বিভিন্ন আয়ুর্বেদ শিক্ষাৰ পাঠ্যক্রম আছে। তাৰে ভিতৰত স্নাতক পৰ্যায়তBAMS (Bachelor of Ayurvedic Medicine and Surgery) আৰু স্নাতকোত্তৰ পৰ্য্যায়ত MD/MS (Ayurveda) অন্যতম।ইয়াৰ উপৰিও বিভিন্ন অনুষ্ঠানত PhD পাঠ্যক্রম,আয়ুর্বেদিক ফার্মাচিষ্ট পাঠ্যক্রম, নার্চিং পাঠ্যক্রম,পঞ্চকর্ম চিকিৎসাৰ পাঠ্যক্রম ইত্যাদি সফলভাৱে চলি আছে। বর্তমান স্নাতক ডিগ্রী পাঠ্যক্রম ৪ বছৰ ৬ মহীয়া আৰু এক বছৰ বাধ্যতামূলক Internship আৰু স্নাতকোত্তৰ শিক্ষাৰ পাঠ্যক্রম তিনিবছৰীয়া।

  মানৱ সভ্যতাৰ শিখৰত দিনক দিনে আগবাঢ়ি গৈ আছে যদিও মানৱ শৰীৰক ৰােগমুক্ত কৰিব পৰা নাই।অজান

এই ৰােগে আজিও জৰ্জৰিত কৰি আছে মানৱ