পৃষ্ঠা:Su swasthyar aadhar.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 য়ুৰ্বেদ উৎপত্তিৰ বুৰঞ্জী হিচাবে প্ৰথমে মানৱৰ ৰোগাগ্ৰস্ত শৰীৰ দেখি ব্ৰহ্মাই ব্ৰহ্মসংহিতা নামে এক লক্ষ শ্লোক সন্নিবিষ্ট এখন সংহিতা ৰচনা কৰে। তাৰ পাছত দক্ষপ্ৰজাপতিক আয়ুৰ্বেদৰ উপদেশ প্ৰদান কৰি আয়ুৰ শ্ৰীবৃদ্ধি আৰু ৰোগৰ উপশম হেতু চিন্তা চৰ্চা কৰিবলৈ দিয়ে। দক্ষৰ ওচৰত অশ্বিনী কুমাৰদ্বয়ে আয়ুৰ্বেদ অধ্যয়ন কৰে। অশ্বিনী কুমাৰদ্বৰ পৰা ইন্দ্ৰই আয়ুৰ্বেদ অধ্যয়ন, তাৰ পৰা মৰ্ত্যত আত্ৰেয় প্ৰভৃতি মুনিসকলে আৰু পিছত ভৰদ্বাজ,


ধন্বন্তৰি, সুশ্ৰুত, বাগভট্ট আদি আচাৰ্যসকলে আয়ুৰ্বেদ অধ্যয়ন কৰে । স্বৰ্গৰ ৰজা ইন্দ্ৰৰ পৰা ভৰদ্বাজ মুনিয়ে ত্ৰিসুত্ৰ আয়ুৰ্বেদৰ জ্ঞান লাভ কৰে। এই ত্ৰিসুত্ৰ হ'ল হেতু (ৰোগৰ কাৰণ), লিঙ্গ (ৰোগৰ লক্ষণ) আৰু ঔষধ। ভৰদ্বাজ মুনিৰ পৰা ক্ৰমান্বয়ে আত্ৰেয় আৰু চৰক প্ৰভৃতি ঋষিসকলে আয়ুৰ্বেদ অধ্যয়ন কৰি বিভিন্ন আয়ুৰ্বেদ সংহিতা ৰচনা কৰে। সেই সময়ৰ পৰাই সমগ্ৰ বিশ্বজুৰি আয়ুৰ্বেদ সম্প্ৰসাৰণ হৈ আছে। আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি আমাৰ মানৱ শৰীৰটো ত্ৰিদোষ (বায়ু, পিত্ত আৰু কফ), সপ্ত ধাতু (ৰস,

ৰক্ত, মাংস, মেদ, অস্থি, মজ্জা আৰু শুক্ৰ),