পৃষ্ঠা:Su swasthyar aadhar.pdf/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতবৰ্থত হােমিঅ'পেথিক চিকিত্সা ভাৰত বৰ্ষত হোমিঅ'পেথিক চিকিৎসাৰ আৰম্ভণি কেতিয়া হৈছিল সেই লৈ কিছু বাদানুবাদ দেখা যায়। একাংশৰ মতে ১৮১০ চনত এজন জার্মান চিকিৎসক একাংশ Geologist-ৰ সৈতে তেতিয়াৰ বংগদেশত Geological survey-ৰ বাবে আহিছিল। উক্ত চিকিৎসকজনে তেওঁলােকৰ কর্মচাৰী সকলক তেওঁ লগত অনা হােমিঅ'পেথিক ঔষধেৰে চিকিৎসা কৰিছিল বুলি একাংশই ক'ব খােজে আৰু সেয়েহে ১৮১০ চনতেই ভাৰতবৰ্ষত হােমিঅ'পেতিক চিকিৎসাৰ আৰম্ভণি বুলি ক'ব খােজে। কিন্তু ভাৰত চৰকাৰৰ অধীনৰ কেন্দ্রীয় হােমিঅ'পেথিক পৰিষদৰ তথ্য অনুসৰি ১৮৩৯ চনত পঞ্জাবৰ মহাৰজা ৰঞ্জিত সিঙে তেওঁ স্বৰ্যন্ত্র (vocal cord)ৰ পক্ষাঘাত ৰােগসহ অন্যান্য ৰােগসমূহ তেওঁৰ নিয়ােজিত চিকিৎসক সকলৰ পৰা আৰােগ্য লাভ নকৰাৰ উপৰি বেয়াৰ ফাললৈ গতি কৰাত ফ্ৰান্সৰ বংশােদ্ভৱ হােমিঅ'পেথিক চিকিৎসক ডাঃ হনিবাৰ্জাৰক তেওঁৰ চিকিৎসাৰ বাবে মাতি পঠিয়ায় আৰু তেওঁ আৰােগ্য লাভ কৰে। সেয়েহে বহুতে ১৮৩৯ চনটোতে ভাৰতবৰ্ষত হােমিঅ'পেথিক চিকিৎসাৰ আৰম্ভ বুলি ক'ব খােজে। পৰৱৰ্তী। সময়ত হনিগবার্জাৰ কলিকতালৈ আহি হােমিঅ'পেথিক চিকিৎসা আৰম্ভ কৰে। সেই সময়ত বংগৰ বিভিন্ন এলেকাত হােৱা কলেৰা ৰােগ নিয়ন্ত্রণ কৰি হনিবার্জাৰ ‘কলে ডাক্তৰ’হিচাপেখ্যাত হৈপৰিছিল। পৰৱৰ্তী সময়ত এলােপেথিক স্বাস্থ্য বিষয়াদ্বয় ডাঃ কুপাৰ (Cooper) আৰু ডাঃ জে আৰ এফ ৰুছেল (Dr. J. R. F. Russel)ৰ সৈতে অৱসৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া তথা শল্য চিকিৎসক চেমুৱেল ব্রুকিং (Samuel Brooking) 0714 etter মিলিটাৰী কেপ্টেইন মিঃ এইচ ৰিপাৰ (Mr. H. Ryper) আদিয়ে ভাৰতবৰ্ষত এই চিকিৎসা পদ্ধতিৰ প্ৰসাৰত যথেষ্ট অৰিহণা যােগায়। শল্য চিকিৎসক ডাঃ ব্রুকিঙে দক্ষিণ ভাৰতৰ তাঞ্জোৰ (Tanjore)ত ১৮৪৭ চনত এখন হােমিঅ'পেথিক চিকিৎসালয় স্থাপন বাবু ৰাজেন্দ্র লাল দত্ত, যাক প্রথমজন ভাৰতীয় হােমিঅ’ চিকিৎসক হিচাপে কোৱা হয়, সেই সময়ৰ বিদেশী হােমিঅ’