পৃষ্ঠা:Su swasthyar aadhar.pdf/২১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ ব্রায়’নিয়া। নীতি (Law of Minimum), একক ঔষধ প্রয়ােগ নীতি (Law of Simplex), জীৱনী শক্তিৰ তত্ত্ব (Theory of Vital force or principle), চিৰৰােগৰ তত্ত্ব (Theory of Chronic Diseases), ঔষধ শক্তিকৰণৰ (Doctrine of Drug Dynamisation or Potentisation)। ইয়াৰ ভিতৰত সদৃশ নীতি, সূক্ষ্মতম ঔষধ প্রয়ােগ আৰু একক ঔষধ প্রয়ােগ নীতিক হােমিঅ'পেথিক চিকিৎসাৰ মূল ত্রিপদ’নীতি বুলি কোৱা হয়। হােমিঅ'পেথিক চিকিৎসাত ঔষধৰ উৎস আৰু পৰীক্ষা (Drug sources and Proving of Drugs) ঃ হােমিঅ'পেথিক ঔষধসমূহ মুখ্যত ছয়টা উৎসৰ পৰা আহৰণ কৰা হয়। সেইকেইটাহ’ল— (ক) উদ্ভিদ জগত(Vegetable Kingdom) যেনে— বিভিন্ন ঔষধি গছ-লতিকা, ফুল-ফল, শিপা-কাণ্ড, শাক, মছলাজাতীয় উদ্ভিদ আদি। নাক্স ভমিকা কনিয়াম কেলেণ্ডলা পাচেটিলা “কোনাে বিষ অধিক বা অতি স্থূল মাত্ৰাত ব্যৱহাৰ কৰিলে দেহ কোষৰ মৃত্যু ঘটে আৰু এই বিষৰেই (অপেক্ষাকৃত) ক্ষুদ্রতৰ মাত্ৰাই দেহকোষৰ ক্রিয়া বিঘ্নিত কৰে আৰু ক্ষুদ্রতম মাত্ৰাই কার্যত জীৱনী ক্ৰিয়াৰ উদ্দীপনা সৃষ্টি কৰি থাকে।” --Arndt & Schulz Law. (Eest: A study of simile in Medicine, Linn J. Boyd, MD, FACP, Philadelphia, Boericke & Tafel, 1936, Page 298) ১৯০