পৃষ্ঠা:Su swasthyar aadhar.pdf/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰঙকেইটাই কাৰ্য্যকৰীভাৱে কাম কৰে। পানী আৰু তেল ৰঙীন বটল আৰু ৰঙীন গিলাছত সূৰ্য্যৰ পােহৰত নির্দিষ্ট সময়ৰ বাবে ৰাখি তাক বিভিন্ন বিকাৰৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। ক্রম’ চিকিৎসাৰ সৰল প্রণালীয়ে আৰােগ্য লাভ কৰাৰ প্ৰক্ৰিয়াটোত অতি ফলপ্রসূতাৰে সহায় Massage therapy ৫। মালিচ চিকিৎসাঃ মালিচএক প্ৰকাৰ প্ৰাকৃতিক চিকিৎসা, সু- স্বাস্থ্য বৰ্তাই ৰখাৰ বাবে ই অতি অপৰিহাৰ্য। ই ৰক্ত সঞ্চালন উন্নত কৰে আৰু শৰীৰৰ অঙ্গবােৰকো শক্তিশালী কৰি তােলে। শীতকালত সম্পূর্ণ সুস্বাস্থ্য আৰু শক্তি বৰ্তাই ৰখাৰ এক সর্বজনবিদিত অভ্যাস। এয়া সকলােৰে বাবে লাভদায়ক। ইমালিচ আৰু সূৰ্য্য ৰশ্মিৰ চিকিৎসা দুয়ােটাৰে লাভ দিয়ে। ৰােগৰ স্থিতিত মালিচৰ নির্দিষ্ট প্রকাৰেৰে প্ৰয়ােজনীয় চিকিৎসামূলক ফল লাভ কৰিব পাৰি। ব্যায়াম কৰিব নােৱাৰাসকলৰ বাবে মালিচ হৈছে এটা বিকল্প। ব্যায়ামৰ পৰানাপােৱা ফল মালিচৰ পৰা পাব পৰা যায়। ৬।ক্রম চিকিৎসাঃ সূৰ্য ৰশ্মিৰ সাতটা ৰঙৰ বিভিন্ন চিকিৎসা মূলক লাভ আছে। এই ৰঙ কেইটা হৈছে— বেঙুনীয়া, পাতল বেঙুনীয়া, নীলা, সেউজীয়া, হালধীয়া, কমলা আৰু ৰঙা। বিভিন্ন ৰােগৰ প্ৰতিৰােধ আৰু চিকিৎসাৰ ক্ষেত্ৰত এই ৭।বায়ু চিকিৎসাঃ শুদ্ধ বায়ু সু-স্বাস্থ্যৰ বাবে অতি জৰুৰী। বায়ু স্নান কৰি বায়ু চিকিৎসাৰ লাভসমূহ পাব পৰা যায়। এই প্রক্রিয়াটোত কাপােৰ খােলাৰ পাছত নাইবা পাতলীয়া কাপােৰ পিন্ধি অকলশৰীয়াকৈ পর্যাপ্ত সতেজ বায়ু থকা স্থানত প্রত্যেকদিনা খােজ কাঢ়িব লাগে। চিকিৎসকেও কেতবােৰ ৰােগৰ স্থিতিত বায়ু স্নানৰ পৰামৰ্শ আগবঢ়াই। বায়ু চিকিৎসাৰ এক প্ৰণালী হিচাপে প্রাণায়মকো চিকিৎসামূলকভাৱে ব্যৱহাৰ কৰা হয়। ৰােগনির্ণয় পদ্ধতিঃ ৰােগৰ মূল কাৰণ জানিবলৈ প্রাকৃতিক চিকিৎসাত দৈনন্দিন চর্চা, ঋতুগত পালন, আহাৰ গ্ৰহণৰ সময়কে ধৰি বংশগত উপাদানবােৰকো এনালাইচিছ কৰা হয়। তাৎক্ষণিক ৰােগৰ স্থিতি জানিবলৈ মূলত দুটা ৰােগ নির্ণয় পদ্ধতি গ্রহণ কৰা হয়।যেনে— ১। আইছি ৰােগ নির্ণয় -আইৰিছৰ শৰীৰৰ বিভিন্ন অংশত তথা সমগ্ৰ শৰীৰত পৰিলক্ষিত হয়। ইয়াৰ বিশ্বেণৰ দ্বাৰা ৰােগৰ স্থিতি ভালদৰে জানিব পৰা যায়। ১৭৬