পৃষ্ঠা:Su swasthyar aadhar.pdf/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সােমাই যাব। ইয়াকে উড্ডীয়ান বুলি কোৱা হয়। এনে শ্বাস বাহৰলৈ উলিওৱাৰ অৱস্থাত (breathe-out-condition)a691a পেশী সমূহ খৰকৈ বাহিৰলৈ ঠেলক আৰু ভিতৰলৈ টানক। যিমান সময় এই শ্বাস বাহিৰলৈ উলিওৱা অৱস্থাত থাকে সিমান সময় এইক্রিয়া কৰক। পেট উঠা নমাৰ সংখ্যা গণনা কৰক। এই প্রক্রিয়াক অগ্নিসাৰ ক্রিয়া বুলি কোৱা হয়। একেৰাহে হােৱা উত্তেজনাৰ জড়িয়তে এইক্রিয়াই পাচন তন্ত্র (হজমীশক্তি) সবল কৰে। ধ্যম নৌলিঃ উডডীয়ান অৱস্থান থাকি শ্রোণী অস্থি (pelvic bone) ৰ ঠিক ওপৰত উদীয় বিন্দুত আগফাললৈ আৰু তললৈ ঠেলি দিয়ক। এই কাৰ্য্যৰ ফলত উদৰৰ পেশী সমূহ। সংকুচিত হ’ব আৰু মাজভাগত স্পষ্ট হৈ ওলাই পৰিব। উদৰৰ বেৰৰ আন আন পেশী সমূহ শিথিল হৈ পৰিব। ইয়াক মধ্যম নৌলি বুলি কোৱা হয়। সোঁ আৰুবাওঁ নৌলিঃ সোঁ নৌলিৰ কাৰণে কেৱল সোঁ rectus সংকোচন কৰা দৰকাৰ। বাওঁ rectus আৰু বাকী বিলাক পেশী শিথিল অৱস্থাত থাকিবলৈ দিব। বাওঁ নৌলি ক্রিয়াৰ সময়ত বাকী বিলাক পেশী সহজ টিলা অৱস্থাত ৰাখি কেৱল বাওঁ rectus সংকোচন কৰিব লাগে। নৌলি চালনঃ যেতিয়া এই তিনিবিধ নৌলি। সম্পূর্ণ আয়ত্ত আৰু নিয়ন্ত্রিত হ’ব recti পেশী বিলাক ঘড়ীৰ কাটা ঘূৰাৰ দিশত আৰু তাৰ বিপৰীত দিশত ঘূৰােৱাৰ অভ্যাস কৰিব পাৰি। এনে প্রক্রিয়াক নৌলি চালন বুলি কোৱা হয়। উপকাৰঃ— উদীয় অন্তৰংগ সমূহ সুস্থ, সবল কৰি তােলাৰ কাৰণে ই এটা অতি সুন্দৰ ক্রিয়া। ইয়াৰ দ্বাৰা উ দৰৰ স্বয়ংক্রিয় স্নায়ুকেন্দ্ৰ আৰু আন্তঃস্রাবী গ্রন্থি সমূহ (endocrine glands} সক্রিয় কৰি তােলে। উদৰত বায়ুৰ চাপ কমি যােৱাৰ ফলত উদৰৰ অংগ সমূহলৈ তেজ চলাচল বৃদ্ধি পায় যাৰ ফলত জঠৰৰ অগ্নি উত্তেজিত হৈ পৰিপাক প্রণালীত সহায় কৰে। ত্রাটক (মনস্থিৰকাৰক)ঃ পদ্মাসন, ব্রজাসন বা আন যি কোনাে ধ্যানাসানত সহজভাৱে মেৰুদণ্ড পােন কৰি বহক || এক মিটাৰ মান আঁতৰত চকুৰ সমান। উচ্চতাত এডাল মমবাতি জ্বলাইলওঁক। চকুৰ পতা নলৰােৱাকৈ একেথৰে জ্বলা মমবাতি ডাললৈ চাবলৈ আৰম্ভ কৰক। চকুত কোনাে অস্বক্তিক প্রতিক্রিয়া হলে বা চকুৰ পৰা পানী ওলালে তাক আওকাণ কৰক || অভ্যাসৰ লগে লগে চকুৰ দৃষ্টি স্থিৰ হ’ব, মনটোও এটা বিন্দুত কেন্দ্রীভূত হ’ব। চকুকেইটা সহজভাৱে শিথিল কৰি ৰখা খুবেই প্রয়ােজন। অন্যথা চকুৰ পেশীত জোৰ পৰিলে মুৰ কামােৰণী হ’ব পাৰে। প্রথমতে ১০ চেকেণ্ডৰ পৰা আৰম্ভ কৰক। আৰু প্রতি সপ্তাহত ১০ চেকেণ্ডকৈ লাহে লাহে সময় বৃদ্ধি কৰি আনক। এনে শুদ্ধি কৰণ প্রক্রিয়াই চকুৰ অশ্রু গ্রন্থি। সমূহ সক্রিয় কৰে, দৃষ্টি তন্ত্র পৰিস্কাৰ কৰে, একাগ্রতাবামনােযােগিতা বৃদ্ধি কৰে আৰু ইচ্ছা শক্তি প্রবল কৰি তােলে। শুদ্ধ ভাৱে অর্থাৎ নির্ভুলকৈ কৰিব পাৰিলে সাধাৰণতে এই প্রক্রিয়াই চকুৰ কোনাে দোষ থাকিলে তাক দূৰ কৰাত সহায় কৰে।