পৃষ্ঠা:Su swasthyar aadhar.pdf/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ক)

জলধৌতি বা বমন ধৌতি,বস্ত্র ধৌতি আৰুদণ্ড ধৌতি। জল ধৌতি বা মন ধৌতিঃ গােৰােহাৰ ওপৰত ভৰদি বহক আৰু নিমখ। মিহলােৱা কুহুমীয়া গৰমপানী যিমান পাৰে সিমান খাওক, যেতিয়ালৈকে বমি কৰাৰ ভাৱ উদয়নহয়। ঘূর্ণন ব্যায়াম (১.৮)ৰ সহায়ত পেটত আলােড়ন ঘটাওক। ভৰি দুখন ওচৰা ওচৰিকৈ ৰাখি আগ ফাললৈ ৯০ ডিগ্রী কোন কৰি হালক আৰু বমি কৰক। মাজৰ তিনিটা আঙুলিৰ সহায়ত ডিঙিৰ ভিতৰত পিছফালে সুৰসুৰণি উঠাওঁক যাতে গােটেই পানীখিনি বমি কৰি (বমন) উলিয়াই দিব পাৰে। এইদৰে পুনৰ ডিঙিত সুৰসুৰাওক। পানী একেবাৰে নােলােৱা হ'লেহে বুজিব যে ইতিমধ্যে ভিতৰৰ গােটেইখিনি পানী বমিকৰি উলিয়াই দিয়া হৈছে। এইবিধ ক্রিয়াক কুঞ্জল বুলিও কোৱা হয়। নিয়মীয়া অভ্যাসৰ পাছত আঙুলি ডিঙিত নুসুমুৱাকৈ বমিৰ ভাৱ আনিব পৰা হ'ব আৰু বমি কৰি পানী উলিয়াব পাৰিব। অভ্যাস বৃদ্ধি পােৱাৰ পাছত এনে অৱস্থা আহিব যেতিয়া মুখেদি একেৰাহে নিৰবিচ্ছিন্নভাৱে পানী ওলাই আহিব।মুখেদি নিসৃত এনে পানী হাতীৰ শুৰেদি ওলােৱা পানীৰ দৰে দেখি কাৰণে ইয়াক “গজকৰণী”বুলিও কোৱা হয়। বস্ত্র ধৌতিঃ চাৰি আঙুল বহল আৰু সাত মিটাৰ দীঘল এখন পানীত তিওৱা কাপােৰ লাহে লাহে গিলক। এই কাম এজন গুৰু বা প্রশিক্ষকৰ তত্ত্বাৱধানত কৰা উচিত। জোৰেৰে নটনাকৈ লাহে লাহে কাপােৰখন। বাহিৰলৈ উলিয়াই আনক। এই প্রক্রিয়াক বস্ত্র ধৌতি বুলি কোৱা হয়। কাপােৰখন ভিতৰত লাগি ধৰা যেন অনুভৱ হলে অলপ পানী খাওঁক যাতে হিকটিনাহে। দণ্ড ধৌতিঃ বমন ধৌতিত কৰাৰ দৰে নিমখ মিহলােৱা কুহুমীয়া গৰম পানী খাওঁক। প্রায় ১ চেণ্টিমিটাৰ ব্যাস আৰু ১ মিটাৰ দৈৰ্ঘ্যৰ এডালৰবৰৰ দণ্ড(নলী) লওঁক। নলীডালৰ এটা মূৰ মুখত লৈ তাক লাহে লাহে ডিঙিয়েদি সােমাই ঠেলি পেটৰ ভিতৰত সােমাওঁক। যেতিয়ানলীডাল গৈ পেট পাবগৈ, লাহে লাহে আগলৈ হালক (বেকা হওঁক)। পেটৰ ভিতৰৰ গােটেইখিনি পানী চাইফোন প্রক্রিয়াৰে বাহিৰলৈ ওলাই আহিব। আৱশ্যক বােধ কৰিলে মুখেৰে উশাহ ভিতৰলৈ টানি পেটটো ফুলাই দিয়ক। সাৱধানে লাহে লার নলীডাল উলিয়াইআনক। এই ধৰণৰ ক্রিয়া ৰাতিপুৱা নিত্যকর্ম শেষ কৰাৰ পাচত আৰু পাৰিলে সূর্যোদয়ৰ আগতেই কৰা বাঞ্চনীয়। বায়ু ৰােগ, অন্ন ৰােগ, কফৰ ৰােগ আদিৰ বিকাৰ আঁতৰােৱাৰ কাৰণে এই ক্রিয়া বিশেষ সহায়ক | 81 নৌলী ঃ (উদৰীয় মলাশয়ৰ নিয়ন্ত্রণ) - নৌলী এক উদীয় ক্রিয়া। ইয়াৰ সহায়ত উদৰৰ সন্মুখৰ বেৰৰ ফালে থকা উদীয় ঋজু পেশী (উদৰীয় মলাশয় পেশী) ৰ পৃথকীকৰণ আৰু ঘূর্ণনকৰা হয়। ক) উড়ীয়ানঃ ভৰিদুখন এক মিটাৰ মান আতৰা- আতৰিকৈ ৰাখি, হাতৰ তলুৱা দুই উৰুৰ (কৰঙণত) ওপৰত থৈ সামান্য ভাৱে আগলৈ হালি থিয় হওঁক। তলপেটৰ পেশী সমূহ বলপূৰ্ব্বক ভাৱে সংকোচন কৰি নাকেদি উশাহ সম্পূর্ণভাৱে এৰি দিয়ক। এনে কৰােতে বুকুখনাে সংকুচিত

খ)

তলপেটৰ পেশী শিথিল কৰক। মধ্যাচ্ছাদন। (diaphragm) আপােনা আপুনি ওপৰলৈ উঠিব আৰু তলপেট ধনুভিৰীয়াকৈ ভিতৰলৈ ১৬০