পৃষ্ঠা:Su swasthyar aadhar.pdf/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সোঁহাতেৰে পাত্ৰটো ধৰক। পাত্ৰটোৰ মুখৰনলীটো সোঁনাকত সুমুৱাওঁক। মুখখন মেলি ৰাখক যাতে মুখেৰে মুকলি ভাৱে উশাহনিশাহ ল’বপাৰে। প্রথমতে মুৰটো পিচফাললৈ অকণমান বেকা কৰক । তাৰ পাছত সন্মুখলৈ বেকা কৰক আৰু তাৰ পাচত দাঁতিলৈ বেকা কৰক যাতে মধ্যাকৰ্ষণৰ বলতে নলীয়েদি পানী সোঁ নাকত সােমাই বাওঁ নাকেদি ওলাই আহিব পাৰে। পাত্ৰৰ পানী শেষ নহয় মানে এইদৰে নাকৰ মাজেদি পানীসৰকি যাবলৈ দিয়ক । বাওঁ ফালেও একে কাৰ্য্যৰ পুনৰাবৃত্তি কৰক ।। দুয়ােটা নাকত জমা হােৱা বায়ু আৰু ৰৈ যােৱা পানী উলিয়াই নাকৰ দ্বাৰা পৰিস্কাৰ কৰিবৰ কাৰণে কপাল ভাতিত কৰাৰ দৰে দুয়ােটা নাকেৰে সালসলনি কৰি জোৰেৰে সক্রিয়ভাৱে উশাহএৰি দিয়ক। দুয়ােটা নাকৰ দ্বাৰা পৰিস্কাৰ হােৱাৰ পাচত লাহেকৈ মুৰটো পিচলৈ বেকা কৰিলে যিখিনি পানী মুখলৈ সােমাই আহে সেইখিনি গিলি থবও পাৰে। ইয়াকে “উঃপান” বুলি কোৱা হয়। পুৱা সুৰ্যোদয়ৰ আগতে এই অভ্যাস কৰিলে তাৰ পৰা লাভৱান হব পাৰি। খ) সুত্র নেতিঃ(ৰবৰৰনলীৰ দ্বাৰা কৰা নেতি) এডাল লাহী কোমল ৰবৰৰ নলীৰ ভােটা মুৰটো সন্মুখৰ ফালৰ পৰা আনুভুমিক দিশত সোঁনাকত সুমুৱাই দিয়ক। নাকৰ ভিতৰেদি ইয়াক ঠেলি এ মান্দ যে আগবঢ়াই নি য ক যেতিয়া লৈকে নলীৰ মুৰটো অর্থাৎ আগটো ডিঙিৰ পিচফালে অনুভূত হয়। সোঁহাতৰ তর্জনী আৰু মধ্যমা আঙুলী দুটা মুখত ভৰাই ডিঙিৰ পিচফালে থকা ৰবৰৰ নলীৰ আগটো ধৰক । মুখেদি নলীডালৰ আগটো ধৰি টানি উলিয়াই আনক আৰু নলীৰ দুয়ােটামুৰ দুয়ােখন হাতেৰে ধৰি আলফুলকৈ নাকৰ দ্বাৰ মালিচ কৰক। নাকেদিনলীডাল বাহিৰলৈ উলিয়াই আনক। বাওঁনাকত ইয়াৰ পুনৰাবৃত্তি কৰক। গ) দুগ্ধ নেতি আৰু মৃত নেতিঃ এই দুয়াে প্রকাৰৰ নেতিৰ ক্ষেত্ৰত পানীৰ পৰিৱৰ্ত্তে ক্রমে গাখীৰ আৰু ঘিউ ব্যৱহাৰ কৰিব লাগে। ঘ) ব্র্যক্রমকপাল নেতিঃ ইয়াে জল নেতিৰ দৰেই, মাত্র এই প্রক্রিয়াত পানীখিনি বিপৰীত নাকেদি ওলােৱাৰ পৰিৱৰ্ত্তে মুখেদি ওলাবলৈ দিয়া হয়। ঙ) সীৎক্ৰমকপাল নেতিঃ মুখত নিমখ মিহলােৱা কুহুমীয়া পানী এমুখ। কৰি ভৰাইলওঁক। আগলৈ হালি তালুখন নমণীয় কৰক যাতে পানীখিনিনাকেদি ওলাই আহিব পাৰে। নেতি ক্রিয়াৰ পাচত কেইবাৰমান কপাল ভাতি কৰিব লাগে। তেহে নাকৰ দ্বাৰ। পৰিস্কাৰহৈ থাকিব। নেতি ক্রিয়াই সাধাৰণতে মুৰ আৰু ডিঙিৰ প্রায় বিলাক অংশ পৰিস্কাৰ কৰিৰাখে। নেতিয়ে কেৱল নাকৰ দ্বাৰ পৰিস্কাৰ কৰি ৰখাই নহয়, ই পানী, কপাহ, ৰবৰ, ঘিউ, গাখীৰ আদি বিৰক্তিকাৰক বস্তুৰ প্রতি নাকৰ প্ৰতিৰােধ শক্তি বঢ়াই তােলে। ই ৰাইনিটিচ এলার্জী (rhinitis) আদিত ভােগা মানুহৰ অতি সংবেদনশীলতা কমােৱাত সহায় কৰে। দৃষ্টি শক্তিৰ সূক্ষ্মতা বৃদ্ধি পায়। ৩। ধৌতি ঃ (আমাশয় পৰ্য্যন্ত তান্ত্রিক নলীৰ শুদ্ধিকৰণ) ধৌতি ক্রিয়া তিনি প্ৰকাৰৰ আছে।