পৃষ্ঠা:Su swasthyar aadhar.pdf/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(Palm tree pose) Utthanagam (Squat and Rise Pose), কন্ধৰাসন (Shoulder pose), পদমূদ্রা, হস্তমূদ্রা, গ্রীবামূদ্রা আৰু ভক্তিযােগ, জ্ঞানযােগৰ অনুশীলন কৰিব। আদি হজম প্রক্রিয়া বিসংগতি, ককালৰ বিষ আদি উপশম কৰাৰ উপৰি জৰায়ু পেশী সবল কৰে। ইয়াৰ উপৰি পিছৰ ত্রিমাসিকত মৎস্য ক্ৰিাশন (flapping fish pose), 1917 (thundesold pose), ভদ্রাসন (Gracious pose), হ ঔ উ ও নিসন (Hand Raising Pose), আদি আসনে মেৰুদণ্ড সবল কৰে। ককালৰ বিষ কমাই আৰু পৰিপাক প্রণালীৰ কাম সঠিক ভাৱে চলাই নিয়ে। পিছৰ পিনে উপৰত উল্লেখ কৰা আসন বােৰৰ উপৰি চাৰিবিধ প্রাণায়াম। অভ্যাস কৰাটো অতি দৰকাৰী। তাৰ ভিতৰত নাৰী শুদ্ধি প্রাণায়াম, শীতলী প্রাণায়াম (Cooling breath), ভ্ৰামৰি প্রাণায়াম (Bee breath) আৰু হস্তিকা প্রাণায়াম (Bellows breath) অভ্যাস। কৰাটো ভাল, যিয়ে মানসিক চাপ (Mental Stress) আৰু উদ্বেগ (Anxiety) হ্রাস কৰে আৰু নিদ্রা স্বাভাৱিক কৰে। উক্ত প্রাণায়ামৰ জৰিয়তে গর্ভিনী জনীৰ উচ্চ ৰক্তচাপত ভােগাৰ পৰা আতৰাই ৰখাত সহায় হয় আৰু শৰীৰত ৰক্ত সঞ্চালন স্বাভাৱিক কৰে। যােগ নিদ্ৰা আৰু ধ্যান আৰম্ভণিৰ পৰাইকৰিব পাৰিব কিন্তু বিশেষকৈ ৬ মাহৰ পৰা বিশেষ গুৰুত্ব সহকাৰে ল'ব লাগে। তাৰ ফলত এটি দেৱশিশু পাব পাৰি আৰু লগতে সকলাে মানসিক ৰােগ প্ৰতিৰােধ কৰি সুস্থ মেধা সম্পন্ন ব্যক্তি পাব পাৰি। চমুকৈ গৰ্ভৱতী মহিলাৰ বাবে প্রয়ােজনীয় কেইটিমান যােগাসন আৰু প্রাণায়ামৰ বিষয়ে উল্লেখ কৰা হ’ল উল্লেখযােগ্য যে উপযুক্ত যােগ প্রশিক্ষকৰ অধীনতহে প্রথম এই উক্ত যােগ অভ্যাসৰ শিক্ষা লৈ পিছলৈ অভ্যাস কৰি যাব। মাতৃ আৰুগর্ভস্থ শিশু হানি হােৱাকৈ কোনাে যােগ অভ্যাস কৰি যাব। মাতৃ আৰু গৰ্ভস্থ শিশু হানি হােৱাকৈ কোনাে যােগ অভ্যাস যেন কৰা নহয়। ১৫৭