পৃষ্ঠা:Su swasthyar aadhar.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হােমি'পেথিক চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী প্রমূখ্যে দুয়ােখন। মহাবিদ্যালয়ৰ বিভিন্ন বিভাগত কৰ্মৰত শিক্ষক আৰু চিকিৎসকসকলৰ মূল্যবান লিখনিৰ বাবে শলাগ লৈছাে। তাৰােপৰি যােগ আৰু প্রাকৃতিক চিকিৎসাৰ অভিজ্ঞ চিকিৎসক, ৰাজ্যৰ স্বাস্থ্য খণ্ডত নিয়ােজিত বহুকেইজন অভিজ্ঞ আয়ুর্বেদিক আৰু হােমিঅ'পেথিক চিকিৎসা বিষয়াৰ মূল্যবান লিখনি গ্ৰন্থখনত লিপিবদ্ধকৰা হৈছে। তেওঁলােকক শলাগ যাচিছাে।

 কম দিনৰ ভিতৰত যথেষ্ট তৎপৰতাৰে গ্ৰন্থখন ছপা কৰি দিয়াৰ বাবে জনমভূমি প্ৰেছৰ সমূহ কর্মকর্তাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছাে।

 আশা কৰিছাে এই গ্রন্থখনিয়ে জনসাধাৰণৰ মাজত সমাদাৰ লাভ কৰিব আৰু সৰ্বসাধাৰণ ৰাইজৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত বিশেষ বৰঙণি যােগাব। অতি কম সময়ৰ ভিতৰত গ্ৰন্থখন। প্রকাশ হােৱা বাবে অনিচ্ছাকৃত কিছু ভুল ৰৈ যাব পাৰে। এনে ভূল-ভ্রান্তি আমাৰ দৃষ্টিগােচৰ কৰি বিজ্ঞ সকলে গঠনমূলক দিহা- পৰামৰ্শ আগবঢ়াব বুলি আশা ৰাখিছাে। পৰৱৰ্তী সময়ত এই গ্ৰন্থখনৰ নতুন সংস্কৰণ আৰু অধিক তথ্যৰে প্ৰকাশৰ ব্যৱস্থা গ্রহণ কৰা হ'ব।

সর্বে ভৱন্তু সুখিনঃ ,  সর্বে সন্তু নিৰাময়াঃ ।
   সর্বে ভদ্ৰানি পশ্বন্তু,
  মা কশ্চিৎ দুঃখভাগৃভৱেৎ ॥

আটায়ে নিৰােগী হওঁক, এই কামনাৰে।




(মুকুল চন্দ্র গগৈ, এ.চি.এছ)

                         আয়ুক্ত সচিব,
      স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ তথা
 ভাৰপ্রাপ্ত সঞ্চালক, আয়ুষ সঞ্চালকালয়, অসম

email : suswasthyaradhar@gmail.com