পৃষ্ঠা:Su swasthyar aadhar.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হোমিঅ'পেথিক মেডিকেল কলেজ আৰু চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ আন্তঃগাঠনিৰ উন্নয়নৰ বাবেও চৰকাৰে বিভিন্ন আচনি ৰূপায়ণ কৰি আহিছে।

 অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল দেৱ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মাননীয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা দেৱৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মাননীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰীকা দেৱৰ উদ্যোগত বৰ্তমান অসমত আয়ুষ চিকিৎসা পদ্ধতিৰ প্ৰসাৰৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে। আয়ুষ সঞ্চালকালয় আৰু ৰাষ্ট্ৰীয় আয়ুষ অভিযান অসমে ৰাইজৰ মাজত সুলভ আয়ুষ। চিকিৎসা আৰু জীৱনশৈলীৰ প্ৰচাৰ কৰি এখন ৰোগমুক্ত সুস্থ সমাজ গঢ়াৰ বাবে এই গ্ৰন্থখন প্ৰকাশ কৰাৰ পদক্ষেপক উদগণি যোগোৱা বাবে মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় স্বাস্থ্য বিভাগৰ মন্ত্ৰীদ্বয়ৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছো।

 স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব শ্ৰীযুত এচ. কে সিনহা, আই.এ.এচ দেৱৰ আয়ুষ চিকিৎসা পদ্ধতিৰ বিকাশৰ বাবে থকা আন্তৰিকতা আৰু গঠনমূলক পৰামৰ্শৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো।

 এই গ্ৰন্থখন প্ৰকাশৰ ক্ষেত্ৰত দিহা-পৰামৰ্শৰ লগতে উৎসাহ, উদ্দীপনা যোগোৱাৰ বাবে অসমৰ কেইবাজনো পুৰুধা ব্যক্তিৰ লগতে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ উমেশ চন্দ্ৰ শৰ্মাদেৱ আৰু অসম চৰকাৰৰ স্বাস্থ্য সেৱাসঞ্চালক ডাঃৰথীন্দ্ৰ ভূঞাৰ শলাগ লৈছো।

 এই গ্ৰন্থখন প্ৰস্তুতিৰ ক্ষেত্ৰত আৰম্ভণিৰ পৰা সকলো দিশত সহায়-সহযোগিতা আগবঢ়াই নিষ্ঠাৰে দায়িত্ব পালন কৰি গ্ৰন্থখন প্ৰস্তুত কৰি উলিয়াৰ বাবে আয়ুষ সঞ্চালকালয় অসমৰ বিষয়া ডাঃ ৰমাকান্ত শৰ্মা, ৰাজ্যিক ঔষধ নিয়ন্ত্ৰক (আয়ুষ), ডাঃ দেৱজ্যোতি ভট্টাচাৰ্য্য, উপ সঞ্চালক (আয়ুষ), ডাঃ দিপেন্দ্ৰ কুমাৰ ডেকা, উপ সঞ্চালক (আয়ুষ), ডাঃ হেমন্ত দাস, উপ সঞ্চালক (আয়ুষ) আৰু ডাঃ বুৰহান উদ্দিন চৌধুৰী, ৰাজ্যিক পৰামৰ্শ দাতা (আয়ুৰ্বেদ), ৰাষ্ট্ৰীয় আয়ুষ অভিযান, অসম, যি সকলৰ কষ্টৰ অবিহনে এই গ্ৰন্থখন অতি কম সময়ৰ ভিতৰত প্ৰকাশ সম্ভৱ নহ'লহেতেন, তেখেত সকলৰ শলাগ লৈছো।

 ডাঃ ভবেশ দাস, অধ্যক্ষ, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, গুৱাহাটী, ডাঃ বিলাস পেগু, অধ্যক্ষ, এচ. জে. এন।