পৃষ্ঠা:Su swasthyar aadhar.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রসূতি আৰু স্ত্রীসম্পর্কীয় ৰােগৰ আয়ুর্বেদিক চিকিৎসাবিধান বগাস্ৰাৱ (লিউৰীয়া) বগাস্ৰাৱ মহিলাসকলৰ মাজত সচৰাচৰ দেখা পােৱা এক ৰােগ। যাৰ চিকিৎসাৰ বিষয়ে বিতংভাৱে আয়ুর্বেদ শাস্ত্রত বর্ণনা কৰা হৈছে। বিভিন্ন কাৰণত শ্বেতপ্রদৰ হব পাৰে যদিও স্বাস্থ্য সম্পর্কীয় চাফ- চিকুণতা ৰক্ষা নকৰা, প্রস্রাৱ তন্ত্ৰৰ সংক্রমণ, পুষ্টিহীনতা আদিও ইয়াৰ মুখ্য কাৰণ। উপযুক্তবনৌষধিঃ ক)শতমূল খ) অশ্বগন্ধা গ) জবা পুষ্প ঘ) দুবৰিবন। ঙ) উদুম্বৰ ৰক্তপ্ৰদৰঃ (অত্যাধিক অথবা অনিয়মীয়া ৰক্তস্রাব) ঋতু আৱৰ সময়ত অত্যাধিক ৰক্তক্ষৰণ হােৱা বা বহুদিনলৈ অনিয়মিতভাৱে ৰক্তক্ষৰণ হােৱা ৰক্তপ্ৰদৰ ৰােগৰ লক্ষণ। ৰােগৰ সঠিক কাৰণ নি ধাৰণ কৰি উপযুক্ত চিকিৎসা লােৱাটো অতিকৈ প্রয়ােজনীয়। এই ক্ষেত্ৰত ব্যৱহাৰৰ উপযুক্ত বনৌষধি সমূহ হল- ক) অশােক। খ) দুৱৰি বন। গ) পদুম। ঘ) জবা পুষ্প। ঙ)চন্দন। চ) লাের্ধ। ছ) ভূইআমলখি। কষ্টস্রাৱঃ- মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ হােৱা প্রজনন কালৰ প্রধান। সমস্যা। বিশেষকৈ ২০ বছৰৰ তলৰ কিশােৰী সকলৰ মাজত এই সমস্যা সাধৰণভাৱে দেখা পােৱা যায়। নিয়মিত ব্যায়াম যােগাসন কৰাৰ লগতে নিম্ন লিখিত বনৌষধিসমূহ ব্যৱহাৰ কৰিলে সুফল লাভ কৰা যায়। ১০৪