পৃষ্ঠা:Su swasthyar aadhar.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নখৰ যত্ন ঃ পাউ দাৰ, ১১) জেতুকাৰ পাত, পিয়াজ, মেথি নাৰিকলৰ তেল সপ্তাহত দুবাৰকৈ ঘঁহিলে চুলি ক’লা হয়, চুলি সৰা বন্ধ বয়, টকৌয়ে খােৱাৰ ঠাইত চুলি গজে। ১২) পিয়াজ আৰু নহৰু দি নাৰিকলৰ তেল গৰম কৰি অলপ কুহুমীয়া কৰি লৈ চুলিৰ গুৰিত ঘঁহিলে চুলি ঘণ হয়, উজ্জ্বলতা বৃদ্ধি হয় লগতে টকৌয়ে খালে উপশম পায়। ছাল আৰু চুলিৰ দৰে নখৰ যত্ন লােৱাটো খুব আৱশ্যক। নখৰ যদি নিয়মিত যত্ন লােৱা নহয় তেনেহ'লে নখবােৰ পাতল হয় আৰু ভাঙি যায়, লগতে কেতিয়াবা ফাংগাস বা বেক্টেৰিয়াৰ দ্বাৰা আক্রান্ত হয়। নখ কটাৰ আগতে সদায়ে ১৫ মিনিট কুহুমীয়া পানীত ভিজাই থ'ব লাগে আৰু তাৰ পাছত নখ কাটিব লাগে। নখ সদায় পৰিষ্কাৰ কৰি ৰখাটো আৱশ্যক। নখৰ বৃদ্ধি আৰু নখ পাতল নহ'বলৈ সদায়ে ভিটামিন আৰু কেলচিয়াম যুক্ত আহাৰ খােৱাটো বাধ্যতামূলক। নখত জেতুকা লগালে ফাংগাস বা বেক্টেৰিয়া আক্রান্ত নহয়। ৰাতি শুৱাৰ আগতে কেশৰ তেল, বাদাম তেল খত ঘঁহি শুলে নখ পাতল নহয় আৰু নখ কোমল। হৈ থাকে। ফাংগাস বা বেক্টেৰিয়া আক্রান্ত ৰােগৰ বাবে চিকিৎসকৰ পৰামর্শ লােৱাটো বাধ্যতামূলক। ১৩) নৰসিংহ পাতৰ চাটনি, তিলৰ চাটনি খালে চুলি পকা, উৰি পৰা উপশম পায়। ওপৰত উল্লেখ কৰা বিধিসমূহ ব্যৱহাৰ কৰিলে সুফল পাব পাৰি। যদি চুলিৰ বিশেষ সমস্যা থাকে, তেনেহ'লে চিকিৎসকৰ পৰামর্শ অনুসৰি চিকিৎসা লােৱাটে। প্রয়ােজনীয়।