পৃষ্ঠা:Su swasthyar aadhar.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আয়ুর্বেদিক শাস্ত্ৰত উল্লেখিত বিভিন্ন চর্মৰােগ আৰু প্ৰতিকাৰ চর্মৰােগ আয়ুর্বেদ শাস্ত্ৰত ইয়াক বিভিন্ন ধৰণৰ কুষ্ঠৰােগ বা ক্ষুদ্ৰৰােগ নামেৰে বৰ্ণনা কৰা হৈছে। আয়ুর্বেদত বিৰুদ্ধ আহাৰ সেৱন, আসোঁৱাহপূর্ণ জীৱনশৈলী, বিভিন্ন কীটনাশক যুক্ত খাদ্যপদাৰ্থৰ সেৱন ইত্যাদি বিভিন্ন কাৰণত আমাৰ শৰীৰত অন্য ৰােগবােৰৰ লগতে নানান চর্মৰােগৰাে কাৰণ হিচাপে চিহ্নিত কৰা হৈছে। এনে এবিধ চর্মৰােগ হৈছে বিচৰ্চির্কা অথবা পামা। আধুনিক চিকিৎসা শাস্ত্রত যাক এলাজিক ডার্মাটাইটিছ বুলি কোৱা হয়। আজিকালি বহুতাে মানুহক এইৰােগত আক্রন্ত হােৱা দেখা যায়। কিন্তু সঠিক আয়ুর্বেদিক চিকিৎসা, সঠিক খাদ্যভাস আৰু জীৱন শৈলীৰ জড়িয়তে এই চৰ্মৰােগবিধৰ পৰা মুক্তি লাভ কৰিব পৰা যায়। আয়ুবেদশাস্ত্র মতে বিৰুদ্ধে আহাৰ বিহাৰ এই চৰ্মৰােগৰ প্ৰধান কাৰণ। আনহাতে আধুনিক বিজ্ঞান শাস্ত্রমতে বিভিন্ন ধৰণৰ চাবােন,এলার্জেন, ঘাম, চিন্থেটিক কাপােৰ, দূষিত জলবায়ু আনকি মানসিক চিন্তাত এই ৰােগৰ মুখ্য কাৰণ। এলার্জিক ডার্মাটাইটিছ বুলি ক'লে - Contact dermatitis atopic dermatitis, pompholyx, eczematous dermatitis, photo-dermatitis ইত্যাদিক বুজায়। এলার্জিক ডার্মাটাইটিছত পােৱা সাধাৰণ লক্ষণসমূহএনেধৰণৰ - ১) কণ্ডুবা খুজৱতি ২) পিড়কা ৩)শ্যাৱতা ৪) বহুস্ৰাৱ ৫) ৰুক্ষতা ৬) বিষ চিকিৎসাঃ ৰক্তমােক্ষন, বিৰেচন, বমন, লেপনকর্ম আদি পঞ্চকর্ম পদ্ধতিৰ দ্বাৰা আৰু ৰসায়ন চিকিৎসাৰ দ্বাৰা এই ৰােগ উপশম হােৱা দেখা গৈছে। শমন চিকিৎসা - নিশাতৈল, পঞ্চনিন্বচূর্ণ, ৰসমাণিক্য ইত্যাদি। একদ্রব্য - হৰিদ্ৰা, নিম, আমলকি ইত্যাদি। ত্রি (VITILIG0) বা বগা দাগ Vitiligo leucoderma হিন্দী বা অসমীয়াত ইয়াক শ্বেতকুষ্ঠ বা শিত্ৰ বুলি জনা যায়। শ্বেতকুষ্ঠ এবিধ চর্মৰােগ যত শৰীৰত বিভিন্ন ঠাইত বা কেতিয়াবা এঠাইত বগা দাগ হােৱা দেখা যায়। যদিও বহুতৰ ধাৰণা আছে এই বেমাৰ সােচৰা যাৰ ফলত বহুতে এই বেমাৰ লুকুৱাই ৰাখিব চেষ্টা কৰে। কিন্তু